Isaiah 42:6 in Assamese 6 মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম, মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম।
Other Translations King James Version (KJV) I the LORD have called thee in righteousness, and will hold thine hand, and will keep thee, and give thee for a covenant of the people, for a light of the Gentiles;
American Standard Version (ASV) I, Jehovah, have called thee in righteousness, and will hold thy hand, and will keep thee, and give thee for a covenant of the people, for a light of the Gentiles;
Bible in Basic English (BBE) I the Lord have made you the vessel of my purpose, I have taken you by the hand, and kept you safe, and I have given you to be an agreement to the people, and a light to the nations:
Darby English Bible (DBY) I, Jehovah, have called thee in righteousness, and will take hold of thy hand; and I will preserve thee, and give thee for a covenant of the people, for a light of the nations,
World English Bible (WEB) I, Yahweh, have called you in righteousness, and will hold your hand, and will keep you, and give you for a covenant of the people, for a light of the Gentiles;
Young's Literal Translation (YLT) I, Jehovah, did call thee in righteousness, And I lay hold on thy hand, and keep thee, And I give thee for a covenant of a people, And a light of nations.
Cross Reference Psalm 45:6 in Assamese 6 হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
Isaiah 26:3 in Assamese 3 যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পুৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
Isaiah 32:1 in Assamese 1 চোৱা, এজন ৰজাই ধাৰ্ম্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্ত্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।
Isaiah 41:13 in Assamese 13 কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰো, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
Isaiah 42:1 in Assamese 1 সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তোষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।
Isaiah 43:1 in Assamese 1 কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
Isaiah 45:13 in Assamese 13 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলো, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 49:6 in Assamese 6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্রানৰ উপায় হ’বা
Isaiah 49:8 in Assamese 8 যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উওৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম,আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
Isaiah 51:4 in Assamese 4 “হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায়বিচাৰ স্থাপন কৰিম।
Isaiah 60:1 in Assamese 1 উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 33:15 in Assamese 15 সেই দিনা আৰু সেই কালত মই দায়ুদৰ বংশত এটা ধাৰ্ম্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব।
Matthew 26:28 in Assamese 28 কিয়নো মোৰ যি তেজ দান কৰা হ’ল, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ-মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
Luke 1:69 in Assamese 69 তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী উদ্ধাৰকৰ্তাক দিলে।
Luke 2:32 in Assamese 32 তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হ’ব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্রায়েল লোকৰ গৌৰৱ হ’ব।”
John 8:12 in Assamese 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
Acts 13:47 in Assamese 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা’৷
Acts 26:23 in Assamese 23 আৰু খ্ৰীষ্টৰ দুখভোগৰ বিষয়ে আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰাৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ঘোষণা কৰিলোঁ৷”
Romans 3:25 in Assamese 25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্ৱাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ স্বৰ্গীয় ধৈৰ্য গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
Romans 15:8 in Assamese 8 কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।
2 Corinthians 1:20 in Assamese 20 কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত ‘হয়’৷ এই কাৰণে, আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ’বলৈ, তেওঁৰ দ্বাৰাই ‘আমেন’ বুলিও কওঁ।
Galatians 3:15 in Assamese 15 ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
Hebrews 1:8 in Assamese 8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
Hebrews 7:2 in Assamese 2 অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”।
Hebrews 7:26 in Assamese 26 এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
Hebrews 8:6 in Assamese 6 কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
Hebrews 9:15 in Assamese 15 সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ যাতে ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন অধিকাৰ পায়। কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷
Hebrews 12:24 in Assamese 24 নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা জনৰ চতিয়াই দিয়া তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;
1 Peter 2:9 in Assamese 9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে; এইদৰে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, যাতে আপোনালোকে তেওঁৰ আচৰিত কৰ্মবোৰ প্ৰকাশ কৰে৷ এই কাৰণে,