Isaiah 42:3 in Assamese 3 তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব; কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব।
Other Translations King James Version (KJV) A bruised reed shall he not break, and the smoking flax shall he not quench: he shall bring forth judgment unto truth.
American Standard Version (ASV) A bruised reed will he not break, and a dimly burning wick will he not quench: he will bring forth justice in truth.
Bible in Basic English (BBE) He will not let a crushed stem be quite broken, and he will not let a feebly burning light be put out: he will go on sending out the true word to the peoples.
Darby English Bible (DBY) A bruised reed shall he not break, and smoking flax shall he not quench: he shall bring forth judgment according to truth.
World English Bible (WEB) A bruised reed will he not break, and a dimly burning wick will he not quench: he will bring forth justice in truth.
Young's Literal Translation (YLT) A bruised reed he breaketh not, And dim flax he quencheth not, To truth he bringeth forth judgment.
Cross Reference Psalm 72:2 in Assamese 2 তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Psalm 96:13 in Assamese 13 যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 98:9 in Assamese 9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।
Psalm 103:13 in Assamese 13 বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
Psalm 147:3 in Assamese 3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
Isaiah 11:3 in Assamese 3 যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
Isaiah 35:3 in Assamese 3 তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 40:29 in Assamese 29 তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
Isaiah 50:4 in Assamese 4 মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
Isaiah 50:10 in Assamese 10 তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Isaiah 66:2 in Assamese 2 মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
Jeremiah 30:12 in Assamese 12 কিয়নো যিহোৱই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎসাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক।
Jeremiah 31:18 in Assamese 18 “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
Jeremiah 31:25 in Assamese 25 কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
Ezekiel 34:16 in Assamese 16 “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
Micah 7:9 in Assamese 9 কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
Matthew 11:28 in Assamese 28 ‘হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহক; মই আপোনালোকক জিৰণি দিম।
Matthew 18:10 in Assamese 10 সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
Luke 22:31 in Assamese 31 চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে;
John 5:30 in Assamese 30 মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
John 20:19 in Assamese 19 এতিয়া সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”
John 20:27 in Assamese 27 তেতিয়া তেওঁ থোমাক ক’লে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহবা, কিন্তু বিশ্বাসকাৰী হোৱা।”
Hebrews 2:17 in Assamese 17 সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল, যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বাসযোগ্য মহা-পুৰোহিত হ’ব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
Revelation 19:11 in Assamese 11 তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসযোগ্য আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।