Isaiah 42:24 in Assamese 24 কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে?
Other Translations King James Version (KJV) Who gave Jacob for a spoil, and Israel to the robbers? did not the LORD, he against whom we have sinned? for they would not walk in his ways, neither were they obedient unto his law.
American Standard Version (ASV) Who gave Jacob for a spoil, and Israel to the robbers? did not Jehovah? he against whom we have sinned, and in whose ways they would not walk, neither were they obedient unto his law.
Bible in Basic English (BBE) Who gave up Jacob to those who took away his goods, and Israel to his attackers? Did not the Lord? he against whom they did wrong, and in whose ways they would not go, turning away from his teaching.
Darby English Bible (DBY) Who gave Jacob for a spoil, and Israel to the robbers? Did not Jehovah, he against whom we have sinned? And they would not walk in his ways, neither did they hearken unto his law.
World English Bible (WEB) Who gave Jacob for a spoil, and Israel to the robbers? Didn't Yahweh? he against whom we have sinned, and in whose ways they would not walk, neither were they obedient to his law.
Young's Literal Translation (YLT) Who hath given Jacob for a spoil, And Israel to the spoilers? Is it not Jehovah -- He against whom we sinned? Yea, they have not been willing in His ways to walk, Nor have they hearkened to His law.
Cross Reference Deuteronomy 28:49 in Assamese 49 যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমানাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।
Deuteronomy 32:30 in Assamese 30 এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
Judges 2:14 in Assamese 14 যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।
Judges 3:8 in Assamese 8 এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহাৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তানসকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
Judges 10:7 in Assamese 7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু ফিলিষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
2 Chronicles 15:6 in Assamese 6 এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল।
2 Chronicles 36:17 in Assamese 17 এই হেতুকে তেওঁ কল্দীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্ম্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
Nehemiah 9:26 in Assamese 26 তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
Psalm 106:40 in Assamese 40 তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
Isaiah 10:5 in Assamese 5 অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰো!
Isaiah 30:15 in Assamese 15 কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা প্রভু যিহোৱাই এই দৰে কৈছিল, “ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
Isaiah 45:7 in Assamese 7 মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
Isaiah 47:6 in Assamese 6 মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলো, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
Isaiah 50:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
Isaiah 59:1 in Assamese 1 চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
Isaiah 63:10 in Assamese 10 কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Jeremiah 5:15 in Assamese 15 যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!
Jeremiah 25:8 in Assamese 8 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
Lamentations 1:14 in Assamese 14 মোৰ অপৰাধৰূপ যূঁৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
Lamentations 1:18 in Assamese 18 যিহোৱা ধাৰ্ম্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
Amos 3:6 in Assamese 6 নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
Matthew 22:7 in Assamese 7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।