Isaiah 24:5 in Assamese 5 পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
Other Translations King James Version (KJV) The earth also is defiled under the inhabitants thereof; because they have transgressed the laws, changed the ordinance, broken the everlasting covenant.
American Standard Version (ASV) The earth also is polluted under the inhabitants thereof; because they have transgressed the laws, violated the statutes, broken the everlasting covenant.
Bible in Basic English (BBE) The earth has been made unclean by those living in it; because the laws have not been kept by them, the orders have been changed, and the eternal agreement has been broken.
Darby English Bible (DBY) And the land is polluted under the inhabitants thereof; for they have violated the laws, changed the statute, broken the everlasting covenant.
World English Bible (WEB) The earth also is polluted under the inhabitants of it; because they have transgressed the laws, violated the statutes, broken the everlasting covenant.
Young's Literal Translation (YLT) And the land hath been defiled under its inhabitants, Because they have transgressed laws, They have changed a statute, They have made void a covenant age-during.
Cross Reference Genesis 3:17 in Assamese 17 তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলো, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা।
Genesis 6:11 in Assamese 11 সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিবী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Genesis 17:13 in Assamese 13 তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
Leviticus 18:24 in Assamese 24 তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্ম্মৰ দ্বাৰাই অশুচি হ’ল।
Leviticus 20:22 in Assamese 22 এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা।
Numbers 35:33 in Assamese 33 এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
Deuteronomy 32:15 in Assamese 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Deuteronomy 32:20 in Assamese 20 তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
Joshua 24:25 in Assamese 25 এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
2 Samuel 23:5 in Assamese 5 স্বৰূপেই ইশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
2 Kings 17:7 in Assamese 7 এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
2 Kings 22:13 in Assamese 13 “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
2 Kings 23:26 in Assamese 26 তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
2 Chronicles 33:9 in Assamese 9 তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
Ezra 9:6 in Assamese 6 মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।
Psalm 55:5 in Assamese 5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়ভিভূত হৈছো।
Psalm 105:10 in Assamese 10 তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
Psalm 106:36 in Assamese 36 তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Isaiah 50:1 in Assamese 1 যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
Isaiah 59:1 in Assamese 1 চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
Isaiah 59:12 in Assamese 12 কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
Jeremiah 3:1 in Assamese 1 মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
Jeremiah 50:5 in Assamese 5 তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
Ezekiel 7:20 in Assamese 20 তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।
Ezekiel 20:13 in Assamese 13 কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:24 in Assamese 24 কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ প্রতিমাবোৰত আসক্ত থাকিল।
Ezekiel 22:24 in Assamese 24 “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
Ezekiel 37:26 in Assamese 26 ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্ম্মধাম স্থাপন কৰিম।
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Daniel 9:5 in Assamese 5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
Daniel 9:10 in Assamese 10 আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
Micah 2:10 in Assamese 10 উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।
Mark 7:7 in Assamese 7 তেওঁলোকে অনৰ্থকৰূপে মোক উপাসনা কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়’৷
Luke 1:6 in Assamese 6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
Romans 8:20 in Assamese 20 কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,
Hebrews 9:1 in Assamese 1 সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি মহা-পবিত্ৰ স্থান আছিল৷
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;