Isaiah 24:16 in Assamese 16 আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।
Other Translations King James Version (KJV) From the uttermost part of the earth have we heard songs, even glory to the righteous. But I said, My leanness, my leanness, woe unto me! the treacherous dealers have dealt treacherously; yea, the treacherous dealers have dealt very treacherously.
American Standard Version (ASV) From the uttermost part of the earth have we heard songs: Glory to the righteous. But I said, I pine away, I pine away, woe is me! the treacherous have dealt treacherously; yea, the treacherous have dealt very treacherously.
Bible in Basic English (BBE) From the farthest part of the earth comes the sound of songs, glory to the upright. But I said, I am wasting away, wasting away, the curse is on me! The false ones go on in their false way, yes, they go on acting falsely.
Darby English Bible (DBY) From the end of the earth have we heard songs: Glory to the righteous! And I said, My leanness, my leanness, woe unto me! The treacherous have dealt treacherously; yea, the treacherous have dealt very treacherously.
World English Bible (WEB) From the uttermost part of the earth have we heard songs: Glory to the righteous. But I said, I pine away, I pine away, woe is me! the treacherous have dealt treacherously; yes, the treacherous have dealt very treacherously.
Young's Literal Translation (YLT) From the skirt of the earth we heard songs, The desire of the righteous. And I say, `Leanness `is' to me, Leanness `is' to me, wo `is' to me.' Treacherous dealers dealt treacherously, Yea, treachery, treacherous dealers dealt treacherously.
Cross Reference Exodus 15:11 in Assamese 11 হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
Psalm 2:8 in Assamese 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
Psalm 22:27 in Assamese 27 পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো জনগোষ্ঠীয়ে তেওঁক প্ৰণিপাত কৰিব।
Psalm 58:10 in Assamese 10 ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।
Psalm 67:7 in Assamese 7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
Psalm 72:8 in Assamese 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
Psalm 98:3 in Assamese 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোৱঁৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
Psalm 106:15 in Assamese 15 তেওঁলোকে যিহকে বিচাৰিছিল, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।
Psalm 107:1 in Assamese 1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
Isaiah 10:16 in Assamese 16 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
Isaiah 17:4 in Assamese 4 সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
Isaiah 21:2 in Assamese 2 এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলো।
Isaiah 26:15 in Assamese 15 আপুনি জাতিটো বৃদ্ধি কৰিলে; আপুনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে।
Isaiah 28:5 in Assamese 5 সেই দিনা বাহিনীসকলৰ যিহোৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোঁতা মুকুটস্বৰূপ হ’ব;
Isaiah 33:1 in Assamese 1 নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Isaiah 48:8 in Assamese 8 তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্রোহী।
Isaiah 52:10 in Assamese 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 66:19 in Assamese 19 মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
Jeremiah 3:20 in Assamese 20 কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
Jeremiah 5:11 in Assamese 11 কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাস-ঘাতকতা কৰিলে।
Jeremiah 12:1 in Assamese 1 “হে যিহোৱা, তুমি ধাৰ্ম্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
Jeremiah 12:6 in Assamese 6 কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
Lamentations 1:2 in Assamese 2 তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
Hosea 5:7 in Assamese 7 তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।
Hosea 6:7 in Assamese 7 তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে।
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Habakkuk 1:3 in Assamese 3 আপুনি মোক কিয় অপৰাধ, আৰু অন্যায় কার্য চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি পাইছে।
Mark 13:27 in Assamese 27 তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
Acts 13:47 in Assamese 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা’৷
Revelation 15:3 in Assamese 3 সেই লোক সকলে ঈশ্বৰৰ দাস মোচিৰ গীত আৰু সেই মেষ পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে জাতিবোৰ ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
Revelation 16:5 in Assamese 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি তোমাৰ ন্যায়ত ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।
Revelation 19:1 in Assamese 1 এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷