Isaiah 14:4 in Assamese 4 তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
Other Translations King James Version (KJV) That thou shalt take up this proverb against the king of Babylon, and say, How hath the oppressor ceased! the golden city ceased!
American Standard Version (ASV) that thou shalt take up this parable against the king of Babylon, and say, How hath the oppressor ceased! the golden city ceased!
Bible in Basic English (BBE) That you will take up this bitter song against the king of Babylon, and say, How has the cruel overseer come to an end! He who was lifted up in pride is cut off;
Darby English Bible (DBY) that thou shalt take up this proverb against the king of Babylon, and say, How hath the oppressor ceased, -- the exactress of gold ceased!
World English Bible (WEB) that you shall take up this parable against the king of Babylon, and say, How has the oppressor ceased! the golden city ceased!
Young's Literal Translation (YLT) That thou hast taken up this simile Concerning the king of Babylon, and said, How hath the exactor ceased,
Cross Reference 2 Chronicles 36:18 in Assamese 18 আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
Isaiah 9:4 in Assamese 4 কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
Isaiah 13:19 in Assamese 19 আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহঙ্কাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘোমৰাৰ দৰে হ’ব।
Isaiah 14:6 in Assamese 6 যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
Isaiah 14:17 in Assamese 17 পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
Isaiah 45:2 in Assamese 2 মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
Isaiah 47:5 in Assamese 5 হে কলদিয়া-জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰানী বুলি মতা নহ’বা।
Isaiah 49:26 in Assamese 26 আৰু তোমালোকক উপদ্ৰৱ কৰোঁতাসকলক মই তেওঁলোকৰ নিজৰেই মঙহ খোৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।
Isaiah 51:23 in Assamese 23 মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা,যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰো,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা ।
Jeremiah 24:9 in Assamese 9 এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 27:6 in Assamese 6 এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবুখদৰেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
Jeremiah 50:22 in Assamese 22 দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
Jeremiah 51:20 in Assamese 20 তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ; তোমাৰ দ্বাৰাই মই না না জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই না না ৰাজ্য সংহাৰ কৰিম;
Jeremiah 51:34 in Assamese 34 বাবিলৰ ৰজা নবুখদৰেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
Lamentations 4:1 in Assamese 1 সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
Ezekiel 5:15 in Assamese 15 তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলো। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।
Daniel 2:38 in Assamese 38 মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই।
Daniel 7:19 in Assamese 19 তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।
Habakkuk 1:2 in Assamese 2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।
Habakkuk 2:6 in Assamese 6 এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে সন্তাপ যিজনে বৃদ্ধি কৰে! তেনেদৰে তুমি কিমান দিন অঙ্গীকাৰৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা?
Habakkuk 2:17 in Assamese 17 লিবানোনত হোৱা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব।
Revelation 13:15 in Assamese 15 তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ’ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক’ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে৷
Revelation 16:5 in Assamese 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি তোমাৰ ন্যায়ত ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।
Revelation 17:6 in Assamese 6 সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
Revelation 18:5 in Assamese 5 কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে, আৰু তাইৰ অধৰ্ম ঈশ্বৰে সোঁৱৰণ কৰিলে।
Revelation 18:16 in Assamese 16 তেওঁলোকে ক’ব, ‘হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা’!
Revelation 18:20 in Assamese 20 “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাৱবাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”