Galatians 6:1 in Assamese 1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Other Translations King James Version (KJV) Brethren, if a man be overtaken in a fault, ye which are spiritual, restore such an one in the spirit of meekness; considering thyself, lest thou also be tempted.
American Standard Version (ASV) Brethren, even if a man be overtaken in any trespass, ye who are spiritual, restore such a one in a spirit of gentleness; looking to thyself, lest thou also be tempted.
Bible in Basic English (BBE) Brothers, if a man is taken in any wrongdoing, you who are of the Spirit will put such a one right in a spirit of love; keeping watch on yourself, for fear that you yourself may be tested.
Darby English Bible (DBY) Brethren, if even a man be taken in some fault, ye who are spiritual restore such a one in a spirit of meekness, considering thyself lest *thou* also be tempted.
World English Bible (WEB) Brothers, even if a man is caught in some fault, you who are spiritual must restore such a one in a spirit of gentleness; looking to yourself so that you also aren't tempted.
Young's Literal Translation (YLT) Brethren, if a man also may be overtaken in any trespass, ye who `are' spiritual restore such a one in a spirit of meekness, considering thyself -- lest thou also may be tempted;
Cross Reference Genesis 9:20 in Assamese 20 নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে।
Genesis 12:11 in Assamese 11 তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা।
Numbers 20:10 in Assamese 10 তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহীহঁত, শুন তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়াম নে?”
2 Samuel 11:2 in Assamese 2 পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
Job 4:3 in Assamese 3 চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
Isaiah 35:3 in Assamese 3 তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
Ezekiel 34:16 in Assamese 16 “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
Matthew 9:13 in Assamese 13 ‘মই বলিদান নোখোজো, দয়াহে বিচাৰো’, শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিকলোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপীলোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
Matthew 11:29 in Assamese 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, আপোনালোকৰ ওপৰত মোৰ যুৱঁলি লওক আৰু মোৰ শিক্ষা লওক; তাতে আপোনালোকে নিজৰ নিজৰ মনত জিৰণি পাব।
Matthew 18:12 in Assamese 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেষ থাকে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষ পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
Luke 15:4 in Assamese 4 তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেষক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
Luke 15:22 in Assamese 22 কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি, এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
Romans 8:6 in Assamese 6 কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,
Romans 14:1 in Assamese 1 যি জন বিশ্বাসত দুৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
Romans 15:1 in Assamese 1 কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্বল লোক সকলৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
1 Corinthians 2:15 in Assamese 15 কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
1 Corinthians 3:1 in Assamese 1 প্রিয় ভাইসকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱা বাবে, আপোনালোকক মাংসিক লোকক কোৱাৰ দৰে ক’লো।
1 Corinthians 4:21 in Assamese 21 আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?
1 Corinthians 7:5 in Assamese 5 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
1 Corinthians 10:12 in Assamese 12 এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
1 Corinthians 14:37 in Assamese 37 কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
2 Corinthians 2:7 in Assamese 7 এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
2 Corinthians 10:1 in Assamese 1 মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ, মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
Galatians 2:11 in Assamese 11 কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁক সাৱধান কৰিলোঁ; কাৰণ তেওঁ ভুল কৰিছিল।
Galatians 5:23 in Assamese 23 মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
2 Thessalonians 3:15 in Assamese 15 কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিব, বৰং ভাই বুলি চেতনা দিয়ক।
2 Timothy 2:25 in Assamese 25 বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব;
Hebrews 12:13 in Assamese 13 আৰু খোৰাই যেন বিপথগামী নহয়, কিন্তু সুস্থ হওক, আৰু নিজৰ নিজৰ ভৰিত থিয় হৈ, বাট পোন কৰক।
Hebrews 13:3 in Assamese 3 বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।
James 3:2 in Assamese 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
James 3:13 in Assamese 13 আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
James 5:19 in Assamese 19 হে মোৰ ভাই সকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
1 Peter 3:15 in Assamese 15 ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
1 John 5:16 in Assamese 16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি তেওঁ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
Jude 1:22 in Assamese 22 আৰু যি সকলে সন্দেহ কৰে, এনে লোক সকলক দয়া কৰক;