Ezekiel 5:13 in Assamese 13 এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
Other Translations King James Version (KJV) Thus shall mine anger be accomplished, and I will cause my fury to rest upon them, and I will be comforted: and they shall know that I the LORD have spoken it in my zeal, when I have accomplished my fury in them.
American Standard Version (ASV) Thus shall mine anger be accomplished, and I will cause my wrath toward them to rest, and I shall be comforted; and they shall know that I, Jehovah, have spoken in my zeal, when I have accomplished my wrath upon them.
Bible in Basic English (BBE) So my wrath will be complete and my passion will come to rest on them; and they will be certain that I the Lord have given the word of decision, when my wrath against them is complete.
Darby English Bible (DBY) And mine anger shall be accomplished, and I will satisfy my fury upon them, and I will comfort myself; and they shall know that I Jehovah have spoken in my jealousy, when I have accomplished my fury upon them.
World English Bible (WEB) Thus shall my anger be accomplished, and I will cause my wrath toward them to rest, and I shall be comforted; and they shall know that I, Yahweh, have spoken in my zeal, when I have accomplished my wrath on them.
Young's Literal Translation (YLT) And completed hath been Mine anger, And I have caused My fury to rest on them, And I have been comforted, And they have known that I, Jehovah, have spoken in My zeal, In My completing My fury on them.
Cross Reference Deuteronomy 32:36 in Assamese 36 যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসসকলক কৃপা কৰিব।
Isaiah 1:21 in Assamese 21 কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
Isaiah 1:24 in Assamese 24 এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজকে প্রতিশোধ সাধিম;
Isaiah 9:7 in Assamese 7 দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
Isaiah 59:17 in Assamese 17 তেওঁ ধাৰ্ম্মিকতাৰূপ বুকু-পটা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণৰূপ শিৰোৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্রৰ বাবে প্ৰতিকাৰৰূপ সাজ পৰিধান কৰিলে, আৰু আবেগপূৰ্ণ জামা গাত দিলে।
Jeremiah 25:12 in Assamese 12 যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
Lamentations 4:11 in Assamese 11 যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
Lamentations 4:22 in Assamese 22 হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
Ezekiel 6:10 in Assamese 10 আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।
Ezekiel 6:12 in Assamese 12 দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
Ezekiel 7:8 in Assamese 8 এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
Ezekiel 13:15 in Assamese 15 মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,
Ezekiel 16:42 in Assamese 42 তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
Ezekiel 16:63 in Assamese 63 তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
Ezekiel 20:8 in Assamese 8 কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:21 in Assamese 21 কিন্তু সেই সন্তানসকলে মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসন প্ৰণালীবোৰ তেওঁলোকে পালন নকৰিলে। তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। সেয়েহে মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 21:17 in Assamese 17 ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।
Ezekiel 23:25 in Assamese 25 আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্জালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।
Ezekiel 24:13 in Assamese 13 তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলো, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
Ezekiel 36:5 in Assamese 5 সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
Ezekiel 38:18 in Assamese 18 আৰু প্ৰভু যিহোৱাই কৈছে, ‘গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব!’
Daniel 9:2 in Assamese 2 দাৰিয়াবচৰ ৰাজত্বৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰুচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
Daniel 11:36 in Assamese 36 ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাসকলৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
Zechariah 6:8 in Assamese 8 তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”