Ezekiel 19:14 in Assamese 14 আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”
Other Translations King James Version (KJV) And fire is gone out of a rod of her branches, which hath devoured her fruit, so that she hath no strong rod to be a sceptre to rule. This is a lamentation, and shall be for a lamentation.
American Standard Version (ASV) And fire is gone out of the rods of its branches, it hath devoured its fruit, so that there is in it no strong rod to be a sceptre to rule. This is a lamentation, and shall be for a lamentation.
Bible in Basic English (BBE) And fire has gone out from her rod, causing the destruction of her branches, so that there is no strong rod in her to be the ruler's rod of authority. This is a song of grief, and it was for a song of grief.
Darby English Bible (DBY) and a fire is gone out of a rod of its branches, [which] hath devoured its fruit; so that it hath no strong rod to be a sceptre for ruling. This is a lamentation, and shall be for a lamentation.
World English Bible (WEB) Fire is gone out of the rods of its branches, it has devoured its fruit, so that there is in it no strong rod to be a scepter to rule. This is a lamentation, and shall be for a lamentation.
Young's Literal Translation (YLT) And go forth doth fire from a rod of its boughs, Its fruit it hath devoured, And it hath no rod of strength -- a sceptre to rule, Lamentation it `is' -- and it is for a lamentation!'
Cross Reference Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Judges 9:15 in Assamese 15 কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সচাঁকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্ৰয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবাননৰ এৰচ গছবোৰকো পুৰি পেলাব।’
2 Kings 24:20 in Assamese 20 যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
2 Chronicles 36:13 in Assamese 13 আৰু যি ৰজা নবুখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
Nehemiah 9:37 in Assamese 37 আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
Psalm 79:7 in Assamese 7 কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
Psalm 80:15 in Assamese 15 যি পুলিগছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
Isaiah 9:18 in Assamese 18 দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব।
Jeremiah 38:23 in Assamese 23 আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তানসকলক উলিয়াই কতদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
Jeremiah 52:3 in Assamese 3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁবিলাকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Lamentations 4:20 in Assamese 20 আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাঁতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
Ezekiel 15:4 in Assamese 4 চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্য্যৰ যোগ্য হ’ব?
Ezekiel 17:18 in Assamese 18 কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
Ezekiel 19:1 in Assamese 1 “আৰু যি তুমি! ইস্ৰায়েলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰাম্ভ কৰা
Ezekiel 19:11 in Assamese 11 তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল, আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।
Ezekiel 20:47 in Assamese 47 আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
Ezekiel 21:25 in Assamese 25 আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Hosea 10:3 in Assamese 3 তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেতেঁন?”
Amos 9:11 in Assamese 11 যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
Luke 19:41 in Assamese 41 পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি কান্দিলে
John 19:15 in Assamese 15 তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্ৰুচত দিয়ক।” পীলাতে তেওঁলোকক ক’লে, “তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে?” প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
Romans 9:2 in Assamese 2 মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।