Cross Reference Genesis 6:11 in Assamese 11 সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিবী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Exodus 22:21 in Assamese 21 তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
Exodus 22:26 in Assamese 26 তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব।
Exodus 23:9 in Assamese 9 তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে।
Leviticus 19:15 in Assamese 15 তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
Leviticus 25:14 in Assamese 14 যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
Deuteronomy 15:7 in Assamese 7 ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
Deuteronomy 24:12 in Assamese 12 মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব।
Deuteronomy 24:17 in Assamese 17 বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব।
1 Samuel 12:3 in Assamese 3 মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেঁটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
Job 22:6 in Assamese 6 কিয়মো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।
Job 24:3 in Assamese 3 সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়।
Job 24:9 in Assamese 9 কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়।
Job 31:13 in Assamese 13 মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
Psalm 41:1 in Assamese 1 ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
Psalm 112:4 in Assamese 4 ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্ম্মিক।
Psalm 112:9 in Assamese 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।
Proverbs 3:31 in Assamese 31 উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
Proverbs 11:24 in Assamese 24 যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
Proverbs 14:31 in Assamese 31 যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
Proverbs 22:22 in Assamese 22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
Proverbs 28:8 in Assamese 8 যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।
Proverbs 28:27 in Assamese 27 যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।
Isaiah 1:17 in Assamese 17 ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Isaiah 33:15 in Assamese 15 যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
Isaiah 58:6 in Assamese 6 মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?
Isaiah 59:6 in Assamese 6 তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে বৱ্যহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্ম্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।
Jeremiah 7:6 in Assamese 6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
Jeremiah 22:3 in Assamese 3 যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
Jeremiah 22:16 in Assamese 16 তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
Ezekiel 7:23 in Assamese 23 তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
Ezekiel 18:12 in Assamese 12 সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে;
Ezekiel 18:16 in Assamese 16 বা কাকোকে অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে -
Ezekiel 18:18 in Assamese 18 তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
Ezekiel 22:12 in Assamese 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Ezekiel 22:27 in Assamese 27 অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
Ezekiel 33:15 in Assamese 15 যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘুৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব।
Amos 2:6 in Assamese 6 যিহোৱাই এই কথা কৈছে: “ইস্ৰায়েলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কাৰণ তাৰ লোকসকলে ৰূপৰ বিনিময়ত সৎ লোকক আৰু এযোৰ জোতাৰ বিনিময়ত দৰিদ্ৰক বিক্রি কৰে।
Amos 2:8 in Assamese 8 তেওঁলোক প্ৰত্যেক যজ্ঞ-বেদীৰ কাষত বন্ধকত লোৱা কাপোৰৰ ওপৰত শুয়ে। জৰিমনা কৰি পোৱা ধনেৰে দ্রাক্ষাৰস কিনি তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ গৃহত পান কৰে ।
Amos 3:10 in Assamese 10 কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
Amos 5:11 in Assamese 11 তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা ।
Amos 6:3 in Assamese 3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Amos 8:4 in Assamese 4 তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:2 in Assamese 2 তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
Zephaniah 1:9 in Assamese 9 যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Matthew 25:34 in Assamese 34 তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
Luke 3:11 in Assamese 11 তেওঁ উত্তৰ দি তেওঁলোকক কলে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
2 Corinthians 8:7 in Assamese 7 কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
2 Corinthians 9:6 in Assamese 6 কিন্তু সেই বিষয়ে সাৰ কথা এই: যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
James 2:13 in Assamese 13 কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
James 5:1 in Assamese 1 এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
1 John 3:16 in Assamese 16 খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।