Ezekiel 18:24 in Assamese 24 কিন্তু যদি ধাৰ্ম্মিজনে তেওঁৰ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
Other Translations King James Version (KJV) But when the righteous turneth away from his righteousness, and committeth iniquity, and doeth according to all the abominations that the wicked man doeth, shall he live? All his righteousness that he hath done shall not be mentioned: in his trespass that he hath trespassed, and in his sin that he hath sinned, in them shall he die.
American Standard Version (ASV) But when the righteous turneth away from his righteousness, and committeth iniquity, and doeth according to all the abominations that the wicked man doeth, shall he live? None of his righteous deeds that he hath done shall be remembered: in his trespass that he hath trespassed, and in his sin that he hath sinned, in them shall he die.
Bible in Basic English (BBE) But when the upright man, turning away from his righteousness, does evil, like all the disgusting things which the evil man does, will he have life? Not one of his upright acts will be kept in memory: in the wrong which he has done and in his sin death will overtake him.
Darby English Bible (DBY) And when the righteous turneth from his righteousness and practiseth what is wrong, [and] doeth according to all the abominations that the wicked doeth, shall he live? None of his righteous acts which he hath done shall be remembered: in his unfaithfulness which he hath wrought, and in his sin which he hath sinned, in them shall he die.
World English Bible (WEB) But when the righteous turns away from his righteousness, and commits iniquity, and does according to all the abominations that the wicked man does, shall he live? None of his righteous deeds that he has done shall be remembered: in his trespass that he has trespassed, and in his sin that he has sinned, in them shall he die.
Young's Literal Translation (YLT) And in the turning back of the righteous from his righteousness, And he hath done perversity, According to all the abominations That the wicked hath done, he doth -- thus he liveth, All his righteousnesses that he hath done are not remembered, For his trespass that he hath trespassed, And for his sin that he hath sinned, For them he doth die.
Cross Reference 1 Samuel 15:11 in Assamese 11 “চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।
2 Chronicles 24:2 in Assamese 2 যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।
2 Chronicles 24:17 in Assamese 17 যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
Psalm 36:3 in Assamese 3 তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।
Psalm 125:5 in Assamese 5 কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক!
Proverbs 14:32 in Assamese 32 দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
Proverbs 21:16 in Assamese 16 যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
Ezekiel 3:20 in Assamese 20 যদি এজন ধাৰ্ম্মিক লোকে নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰ মই সোঁৱৰণ নকৰো; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
Ezekiel 18:10 in Assamese 10 কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে -
Ezekiel 18:18 in Assamese 18 তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
Ezekiel 18:22 in Assamese 22 তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্ম্মিকতাৰ বাবেহে জীয়াই থাকিব।
Ezekiel 18:26 in Assamese 26 ধাৰ্ম্মিক লোকজনে যদি নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।
Ezekiel 20:27 in Assamese 27 এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে:
Ezekiel 33:12 in Assamese 12 আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক কোৱা, ‘ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্ম্মিক জনে পাপ কৰিলে নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।
Ezekiel 33:18 in Assamese 18 যেতিয়া ধাৰ্ম্মিক জনে নিজ ধাৰ্ম্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব।
Zephaniah 1:6 in Assamese 6 যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
Matthew 7:22 in Assamese 22 সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
Matthew 12:43 in Assamese 43 যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
Matthew 13:20 in Assamese 20 শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যিজনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
Mark 13:13 in Assamese 13 মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
John 6:66 in Assamese 66 ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ পৰা বহু শিষ্য উলটি গ’ল; তেওঁলোকে পুনৰ তেওঁৰ লগত অহা-যোৱা নকৰিলে।
John 8:21 in Assamese 21 পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
John 8:24 in Assamese 24 এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি সঁচাকৈ বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
Romans 1:28 in Assamese 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হ’বলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
2 Corinthians 12:20 in Assamese 20 কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
Galatians 3:4 in Assamese 4 আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদিহে সঁচা অৰ্থত সেই দুখভোগৰ কোনো অর্থই নাথাকে?
Galatians 5:7 in Assamese 7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
2 Timothy 3:1 in Assamese 1 কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হ’ব।
Hebrews 6:4 in Assamese 4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
Hebrews 10:38 in Assamese 38 কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; আৰু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।”
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
1 John 2:19 in Assamese 19 তেওঁলোক আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।
1 John 5:16 in Assamese 16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি তেওঁ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
2 John 1:8 in Assamese 8 আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
Jude 1:12 in Assamese 12 তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিৰ্লজ্জভাবে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে। তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীনগছ, উঘালি পৰা গছ, আৰু দুবাৰ মৰা।
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 3:11 in Assamese 11 মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।