Ezekiel 18:20 in Assamese 20 যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতা ধাৰ্ম্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
Other Translations King James Version (KJV) The soul that sinneth, it shall die. The son shall not bear the iniquity of the father, neither shall the father bear the iniquity of the son: the righteousness of the righteous shall be upon him, and the wickedness of the wicked shall be upon him.
American Standard Version (ASV) The soul that sinneth, it shall die: the son shall not bear the iniquity of the father, neither shall the father bear the iniquity of the son; the righteousness of the righteous shall be upon him, and the wickedness of the wicked shall be upon him.
Bible in Basic English (BBE) The soul which does sin will be put to death: the son will not be made responsible for the evil-doing of the father, or the father for the evil-doing of the son; the righteousness of the upright will be on himself, and the evil-doing of the evil-doer on himself.
Darby English Bible (DBY) The soul that sinneth, it shall die. The son shall not bear the iniquity of the father, neither shall the father bear the iniquity of the son; the righteousness of the righteous shall be upon him, and the wickedness of the wicked shall be upon him.
World English Bible (WEB) The soul who sins, he shall die: the son shall not bear the iniquity of the father, neither shall the father bear the iniquity of the son; the righteousness of the righteous shall be on him, and the wickedness of the wicked shall be on him.
Young's Literal Translation (YLT) The soul that doth sin -- it doth die. A son doth not bear of the iniquity of the father, And a father doth not bear of the iniquity of the son, The righteousness of the righteous is on him, And the wickedness of the wicked is on him.
Cross Reference Leviticus 5:1 in Assamese 1 যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
Leviticus 5:17 in Assamese 17 আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।
Leviticus 10:17 in Assamese 17 “তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰস্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
Leviticus 16:22 in Assamese 22 আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জ্জন ঠাইলৈ বৈ নিব। আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব।
Leviticus 19:8 in Assamese 8 কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Numbers 18:1 in Assamese 1 যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰস্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
Deuteronomy 24:16 in Assamese 16 সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।
1 Kings 8:32 in Assamese 32 তেন্তে আপুনি স্বৰ্গত থাকি সেই নিবেদন শুনিব আৰু কাৰ্য্য কৰি আপোনাৰ দাসসকলৰ বিচাৰ নিস্পত্তি কৰি, দোষীক দোষী কৰি তেওঁৰ কৰ্ম্মৰ ফল তেওঁৰ মূৰৰ ওপৰত দিব আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্ম্মিকতাৰ ফল তেওঁক দিব।
1 Kings 14:13 in Assamese 13 তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
2 Kings 14:6 in Assamese 6 কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”
2 Kings 22:18 in Assamese 18 কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
2 Chronicles 6:23 in Assamese 23 তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য্য কৰি আপোনাৰ দাসসকলৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মুৰত দিয়ক আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্ম্মিকতাৰ ফল তেওঁক দিয়ক।
2 Chronicles 6:30 in Assamese 30 তেনেহ’লে সেই বিষয়ে কৰা যি কোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, (কিয়নো আপুনি, কেৱল আপুনিহে মনুষ্য সন্তানসকলৰ মন জানে); তেওঁলোকৰ নিজ নিজ কৰ্ম্মৰ দৰে ফল দিব৷
2 Chronicles 25:4 in Assamese 4 কিন্তু তেওঁ তেওঁলোকৰ সন্তানসকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
Isaiah 3:10 in Assamese 10 তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Isaiah 53:11 in Assamese 11 তেওৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধার্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
Jeremiah 31:29 in Assamese 29 সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
Ezekiel 4:4 in Assamese 4 তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
Ezekiel 18:4 in Assamese 4 চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
Ezekiel 18:13 in Assamese 13 সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।
Ezekiel 18:30 in Assamese 30 এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্ম্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
Ezekiel 33:10 in Assamese 10 গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধ্ৱংশ হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’
Matthew 16:27 in Assamese 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।
Romans 2:6 in Assamese 6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
Hebrews 9:28 in Assamese 28 তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৰ্গিত হ’ল; আৰু দ্বিতীয় বাৰ হ’লে পাপৰ ববলৈ নহয়, কিন্তু তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব।
1 Peter 2:24 in Assamese 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠ(ক্ৰুচ)ৰ ওপৰলৈ নিলে৷ তেওঁৰ কোব খোৱা সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
Revelation 2:23 in Assamese 23 মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
Revelation 20:12 in Assamese 12 সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত পুনৰ এখন পুস্তক মেলা হ’ল, এয়া জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
Revelation 22:12 in Assamese 12 “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হ’ব৷