Ezekiel 13:6 in Assamese 6 যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
Other Translations King James Version (KJV) They have seen vanity and lying divination, saying, The LORD saith: and the LORD hath not sent them: and they have made others to hope that they would confirm the word.
American Standard Version (ASV) They have seen falsehood and lying divination, that say, Jehovah saith; but Jehovah hath not sent them: and they have made men to hope that the word would be confirmed.
Bible in Basic English (BBE) They have seen visions without substance and made use of secret arts, who say, The Lord has said; and the Lord has not sent them: hoping that the word would have effect.
Darby English Bible (DBY) They have seen vanity and lying divination, that say, Jehovah saith! and Jehovah hath not sent them; and they make [them] to hope that the word will be fulfilled.
World English Bible (WEB) They have seen falsehood and lying divination, who say, Yahweh says; but Yahweh has not sent them: and they have made men to hope that the word would be confirmed.
Young's Literal Translation (YLT) They have seen vanity, and lying divination, Who are saying: An affirmation of Jehovah, And Jehovah hath not sent them, And they have hoped to establish a word.
Cross Reference 1 Kings 22:6 in Assamese 6 তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
1 Kings 22:27 in Assamese 27 তেতিয়া তেওঁক ক’বা, ‘ৰজাই এইদৰে কৈছে, এইজনক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নহালৈকে, তেওঁক খাবৰ কাৰণে অতি কম পৰিমাণে পিঠা আৰু পানী দিবা’।”
1 Kings 22:37 in Assamese 37 এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
Proverbs 14:15 in Assamese 15 যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
Jeremiah 14:14 in Assamese 14 তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
Jeremiah 23:31 in Assamese 31 যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
Jeremiah 28:2 in Assamese 2 “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
Jeremiah 28:15 in Assamese 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Jeremiah 29:8 in Assamese 8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Jeremiah 29:31 in Assamese 31 তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
Jeremiah 37:19 in Assamese 19 আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
Lamentations 2:14 in Assamese 14 তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
Ezekiel 12:23 in Assamese 23 এই হেতুকে তেওঁলোকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”
Ezekiel 13:7 in Assamese 7 তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
Ezekiel 13:22 in Assamese 22 মই দুখ নিদিয়া ধাৰ্ম্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
Ezekiel 21:23 in Assamese 23 সেই মঙ্গলচোৱা কাৰ্য্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
Ezekiel 21:29 in Assamese 29 তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
Ezekiel 22:28 in Assamese 28 যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
Zechariah 10:2 in Assamese 2 কিয়নো গৃহ দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে ভেড়াৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
Mark 13:6 in Assamese 6 অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
Mark 13:22 in Assamese 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হ’ব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
2 Thessalonians 2:11 in Assamese 11 সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।