Exodus 20:5 in Assamese 5 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা সকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
Other Translations King James Version (KJV) Thou shalt not bow down thyself to them, nor serve them: for I the LORD thy God am a jealous God, visiting the iniquity of the fathers upon the children unto the third and fourth generation of them that hate me;
American Standard Version (ASV) Thou shalt not bow down thyself unto them, nor serve them, for I Jehovah thy God am a jealous God, visiting the iniquity of the fathers upon the children, upon the third and upon the fourth generation of them that hate me,
Bible in Basic English (BBE) You may not go down on your faces before them or give them worship: for I, the Lord your God, am a God who will not give his honour to another; and I will send punishment on the children for the wrongdoing of their fathers, to the third and fourth generation of my haters;
Darby English Bible (DBY) thou shalt not bow down thyself to them, nor serve them; for I, Jehovah thy God, am a jealous ùGod, visiting the iniquity of the fathers upon the sons to the third and to the fourth [generation] of them that hate me,
Webster's Bible (WBT) Thou shalt not bow down thyself to them, nor serve them: for I the LORD thy God am a jealous God, visiting the iniquity of the fathers upon the children to the third and fourth generation of them that hate me;
World English Bible (WEB) you shall not bow yourself down to them, nor serve them, for I, Yahweh your God, am a jealous God, visiting the iniquity of the fathers on the children, on the third and on the fourth generation of those who hate me,
Young's Literal Translation (YLT) Thou dost not bow thyself to them, nor serve them: for I, Jehovah thy God, `am' a zealous God, charging iniquity of fathers on sons, on the third `generation', and on the fourth, of those hating Me,
Cross Reference Exodus 23:24 in Assamese 24 তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা।
Exodus 34:6 in Assamese 6 যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
Exodus 34:14 in Assamese 14 তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
Leviticus 20:5 in Assamese 5 তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দুৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
Leviticus 26:1 in Assamese 1 “তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Leviticus 26:29 in Assamese 29 তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।
Leviticus 26:39 in Assamese 39 আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।
Numbers 14:18 in Assamese 18 তুমি এই কথা কোৱামতে প্ৰভূৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
Numbers 14:33 in Assamese 33 আৰু তোমালোকৰ সন্তানসকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
Deuteronomy 4:24 in Assamese 24 কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
Deuteronomy 5:9 in Assamese 9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
Deuteronomy 6:15 in Assamese 15 কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
Deuteronomy 7:10 in Assamese 10 কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
Deuteronomy 32:21 in Assamese 21 যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রুদ্ধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
Deuteronomy 32:41 in Assamese 41 যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰো, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
Joshua 23:7 in Assamese 7 তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতিসকলৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
Joshua 23:16 in Assamese 16 নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
Joshua 24:19 in Assamese 19 কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্ম্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
Judges 2:19 in Assamese 19 কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
1 Samuel 15:2 in Assamese 2 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।
2 Samuel 21:1 in Assamese 1 দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”
2 Samuel 21:6 in Assamese 6 সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ সাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।”
1 Kings 21:29 in Assamese 29 “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”
2 Kings 17:35 in Assamese 35 যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেৱীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
2 Kings 17:41 in Assamese 41 এইদৰে সেই জাতিসকলে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।
2 Kings 23:26 in Assamese 26 তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
2 Chronicles 25:14 in Assamese 14 ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তানসকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।
Job 5:4 in Assamese 4 তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
Job 21:19 in Assamese 19 তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম্ম সাঁচি থয়”। সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
Psalm 78:58 in Assamese 58 তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
Psalm 79:8 in Assamese 8 আমাৰ পূৰ্ব্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
Psalm 81:15 in Assamese 15 যিহোৱাক ঘিণাওঁতাসকল তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
Psalm 109:14 in Assamese 14 তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্ম্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
Proverbs 6:34 in Assamese 34 কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
Proverbs 8:36 in Assamese 36 কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”
Isaiah 14:20 in Assamese 20 মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰীসকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
Isaiah 44:15 in Assamese 15 তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত ৰুটি শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
Isaiah 44:19 in Assamese 19 কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”
Isaiah 65:6 in Assamese 6 চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
Jeremiah 2:9 in Assamese 9 এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।
Jeremiah 32:18 in Assamese 18 তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্তুতিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
Ezekiel 8:3 in Assamese 3 তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।
Daniel 1:2 in Assamese 2 প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থ’লে।
Nahum 1:2 in Assamese 2 যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোঁতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
Matthew 4:9 in Assamese 9 চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
Matthew 23:34 in Assamese 34 এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্ৰুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
John 7:7 in Assamese 7 জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
John 15:18 in Assamese 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
John 15:23 in Assamese 23 যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।
Romans 1:30 in Assamese 30 তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
Romans 8:7 in Assamese 7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
1 Corinthians 10:22 in Assamese 22 নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
James 4:4 in Assamese 4 হে ব্যভিচাৰী সকল, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।