Exodus 20:24 in Assamese 24 তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, ভেড়া, আৰু ষাড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
Other Translations King James Version (KJV) An altar of earth thou shalt make unto me, and shalt sacrifice thereon thy burnt offerings, and thy peace offerings, thy sheep, and thine oxen: in all places where I record my name I will come unto thee, and I will bless thee.
American Standard Version (ASV) An altar of earth thou shalt make unto me, and shalt sacrifice thereon thy burnt-offerings, and thy peace-offerings, thy sheep, and thine oxen: in every place where I record my name I will come unto thee and I will bless thee.
Bible in Basic English (BBE) Make for me an altar of earth, offering on it your burned offerings and your peace-offerings, your sheep and your oxen: in every place where I have put the memory of my name, I will come to you and give you my blessing.
Darby English Bible (DBY) An altar of earth shalt thou make unto me, and shalt sacrifice on it thy burnt-offerings, and thy peace-offerings, thy sheep and thine oxen: in all places where I shall make my name to be remembered, I will come unto thee, and bless thee.
Webster's Bible (WBT) An altar of earth thou shalt make to me, and shalt sacrifice thereon thy burnt-offerings, and thy peace-offerings, thy sheep, and thy oxen: in all places where I record my name I will come to thee, and I will bless thee.
World English Bible (WEB) You shall make an altar of earth for me, and shall sacrifice on it your burnt offerings and your peace-offerings, your sheep and your oxen. In every place where I record my name I will come to you and I will bless you.
Young's Literal Translation (YLT) `An altar of earth thou dost make for Me, and thou hast sacrificed on it thy burnt-offerings and thy peace-offerings, thy flock and thy herd; in every place where I cause My name to be remembered I come in unto thee, and have blessed thee.
Cross Reference Genesis 12:2 in Assamese 2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
Leviticus 1:1 in Assamese 1 যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে,
Leviticus 3:1 in Assamese 1 যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলাৰ্থক বলি হয়, তেন্তে পশুৰ জাকৰ মটা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব।
Numbers 6:24 in Assamese 24 “যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
Deuteronomy 7:13 in Assamese 13 তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
Deuteronomy 12:5 in Assamese 5 কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।
Deuteronomy 12:11 in Assamese 11 তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
Deuteronomy 12:21 in Assamese 21 আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব।
Deuteronomy 14:23 in Assamese 23 যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, ভেড়া, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।
Deuteronomy 16:5 in Assamese 5 ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
Deuteronomy 16:11 in Assamese 11 আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
Deuteronomy 26:2 in Assamese 2 তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
2 Samuel 6:12 in Assamese 12 তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
1 Kings 8:29 in Assamese 29 হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাওক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷
1 Kings 8:43 in Assamese 43 তেতিয়া, আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য্য কৰিব। আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, তাকো যেন জানিব৷
1 Kings 9:3 in Assamese 3 যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
2 Chronicles 6:6 in Assamese 6 কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
2 Chronicles 7:16 in Assamese 16 কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।
2 Chronicles 12:13 in Assamese 13 ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
Ezra 6:12 in Assamese 12 যিকোনো ৰজা আৰু প্ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা-লঙ্ঘন কৰিব, তেওঁক ঈশ্ৱৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবচে, এই আজ্ঞা কৰিছোঁ। ইয়াক সম্পূৰ্ণভাৱে পালন কৰা।”
Nehemiah 1:9 in Assamese 9 কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।
Psalm 74:7 in Assamese 7 তেওঁলোকে তোমাৰ পবিত্রস্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
Psalm 76:2 in Assamese 2 চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতিস্থান আছে।
Psalm 78:68 in Assamese 68 কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
Psalm 128:5 in Assamese 5 যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Psalm 134:3 in Assamese 3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
Jeremiah 7:10 in Assamese 10 মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Matthew 18:20 in Assamese 20 কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”
Matthew 28:20 in Assamese 20 মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”
John 4:20 in Assamese 20 আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত আৰাধনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে, যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে আৰাধনা কৰা উচিত।”
1 Timothy 2:8 in Assamese 8 মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷