Ecclesiastes 6:12 in Assamese 12 মানুহৰ অসাৰ জীৱনকালত তেওঁৰ কাৰণে কি ভাল তাক কোনে জানে? তেওঁতো নিজৰ অল্পস্থায়ী দিনবোৰ এক ছাঁয়াৰ দৰে কটায়। তেওঁ গুছি যোৱাৰ পাছত সূর্য্যৰ তলত কি ঘটিব তাক কোনে তেওঁক ক’ব পাৰিব?
Other Translations King James Version (KJV) For who knoweth what is good for man in this life, all the days of his vain life which he spendeth as a shadow? for who can tell a man what shall be after him under the sun?
American Standard Version (ASV) For who knoweth what is good for man in `his' life, all the days of his vain life which he spendeth as a shadow? for who can tell a man what shall be after him under the sun?
Bible in Basic English (BBE) Who is able to say what is good for man in life all the days of his foolish life which he goes through like a shade? who will say what is to be after him under the sun?
Darby English Bible (DBY) For who knoweth what is good for man in life, all the days of his vain life which he spendeth as a shadow? for who can tell man what shall be after him under the sun?
World English Bible (WEB) For who knows what is good for man in life, all the days of his vain life which he spends like a shadow? For who can tell a man what will be after him under the sun?
Young's Literal Translation (YLT) For who knoweth what `is' good for a man in life, the number of the days of the life of his vanity, and he maketh them as a shadow? for who declareth to man what is after him under the sun?
Cross Reference 1 Chronicles 29:15 in Assamese 15 কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
Job 8:9 in Assamese 9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
Job 14:2 in Assamese 2 তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
Job 14:21 in Assamese 21 তেওঁৰ পুতেকবোৰ মৰ্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
Psalm 4:6 in Assamese 6 অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেতেঁন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
Psalm 16:5 in Assamese 5 যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পানপাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
Psalm 17:15 in Assamese 15 কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।
Psalm 39:5 in Assamese 5 চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Psalm 47:4 in Assamese 4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্রেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
Psalm 89:47 in Assamese 47 মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
Psalm 90:10 in Assamese 10 আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰও হ’ব পাৰে; তথাপিতো আমি গর্ব কৰিব পৰা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
Psalm 102:11 in Assamese 11 মোৰ দিনবোৰ সন্ধ্যা পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
Psalm 109:23 in Assamese 23 আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
Psalm 144:4 in Assamese 4 মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
Ecclesiastes 2:3 in Assamese 3 আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালো।
Ecclesiastes 3:22 in Assamese 22 মই আকৌ উপলব্ধি কৰিলো যে, নিজৰ কাৰ্য্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব ? ।
Ecclesiastes 8:7 in Assamese 7 কিয়নো কোনো মানুহেই যেতিয়া পাছত কি ঘটিব তাক নাজানে, তেতিয়া সেয়ে কিদৰে ঘটিব বুলি তেওঁক কোনে জনাব পাৰে?
Ecclesiastes 8:13 in Assamese 13 কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
Ecclesiastes 9:6 in Assamese 6 তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্য্যৰ তলত কৰা যিকোনো কাৰ্য্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
Ecclesiastes 12:13 in Assamese 13 সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
Lamentations 3:24 in Assamese 24 মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
Micah 6:8 in Assamese 8 হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
James 4:14 in Assamese 14 কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপস্বৰূপ৷