Deuteronomy 33:27 in Assamese 27 যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, “এওঁলোকক ধ্বংস কৰা!”
Other Translations King James Version (KJV) The eternal God is thy refuge, and underneath are the everlasting arms: and he shall thrust out the enemy from before thee; and shall say, Destroy them.
American Standard Version (ASV) The eternal God is `thy' dwelling-place, And underneath are the everlasting arms. And he thrust out the enemy from before thee, And said, Destroy.
Bible in Basic English (BBE) The God of your fathers is your safe resting-place, and under you are his eternal arms: driving out the forces of your haters from before you, he said, Let destruction overtake them.
Darby English Bible (DBY) [Thy] refuge is the God of old, And underneath are the eternal arms; And he shall drive out the enemy from before thee, And shall say, Destroy [them]!
Webster's Bible (WBT) The eternal God is thy refuge, and underneath are the everlasting arms: and he shall thrust out the enemy from before thee, and shall say, Destroy them.
World English Bible (WEB) The eternal God is [your] dwelling-place, Underneath are the everlasting arms. He thrust out the enemy from before you, Said, Destroy.
Young's Literal Translation (YLT) A habitation `is' the eternal God, And beneath `are' arms age-during. And He casteth out from thy presence the enemy, and saith, `Destroy!'
Cross Reference Genesis 49:24 in Assamese 24 কিন্তু তেঔঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেষ-ৰখীয়া, ইস্ৰায়েলৰ শিলা।
Deuteronomy 7:2 in Assamese 2 তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
Deuteronomy 9:3 in Assamese 3 কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।
Joshua 24:18 in Assamese 18 সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
1 Samuel 15:29 in Assamese 29 আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
Psalm 18:2 in Assamese 2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
Psalm 27:5 in Assamese 5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
Psalm 36:7 in Assamese 7 হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্ৰয় লয়।
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 46:7 in Assamese 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 46:11 in Assamese 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 48:3 in Assamese 3 ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গস্বৰূপে প্রকাশ কৰিছে।
Psalm 90:1 in Assamese 1 হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Psalm 91:9 in Assamese 9 ‘হে প্রভু, হয়, তুমিয়েই মোৰ আশ্রয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।
Psalm 91:15 in Assamese 15 তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
Psalm 102:24 in Assamese 24 সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
Proverbs 10:25 in Assamese 25 দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Song of Solomon 2:6 in Assamese 6 মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 25:4 in Assamese 4 কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
Isaiah 26:4 in Assamese 4 তোমালোকে চিৰকাললৈকে যিহোৱাত ভৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
Isaiah 32:2 in Assamese 2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Micah 5:2 in Assamese 2 কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে;
Luke 13:34 in Assamese 34 হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাৱবাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু তুমি সন্মত নহ’লা৷
John 10:28 in Assamese 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
Romans 8:2 in Assamese 2 কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
Romans 16:20 in Assamese 20 আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
Philippians 3:9 in Assamese 9 আৰু এতিয়া মই তেওঁত বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে এতিয়া মই বিশ্বাসত ধাৰ্মিক হ’লো, সেয়া মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
Hebrews 9:14 in Assamese 14 তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসর্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে পবিত্ৰ কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷
1 Peter 1:5 in Assamese 5 শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্ৰাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
Jude 1:24 in Assamese 24 এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
Revelation 20:2 in Assamese 2 তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷
Revelation 20:10 in Assamese 10 আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰী-কোৱা ভাৱবাদী সকলো আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।