Deuteronomy 20:1 in Assamese 1 যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।
Other Translations King James Version (KJV) When thou goest out to battle against thine enemies, and seest horses, and chariots, and a people more than thou, be not afraid of them: for the LORD thy God is with thee, which brought thee up out of the land of Egypt.
American Standard Version (ASV) When thou goest forth to battle against thine enemies, and seest horses, and chariots, `and' a people more than thou, thou shalt not be afraid of them; for Jehovah thy God is with thee, who brought thee up out of the land of Egypt.
Bible in Basic English (BBE) When you go out to war against other nations, and come face to face with horses and war-carriages and armies greater in number than yourselves, have no fear of them: for the Lord your God is with you, who took you up out of the land of Egypt.
Darby English Bible (DBY) When thou goest out to war against thine enemies, and seest horses, and chariots, [and] a people more numerous than thou, thou shalt not fear them; for Jehovah thy God is with thee, who brought thee up out of the land of Egypt.
Webster's Bible (WBT) When thou goest out to battle against thy enemies, and seest horses, and chariots, and a people more than thou, be not afraid of them: for the LORD thy God is with thee, who brought thee out of the land of Egypt.
World English Bible (WEB) When you go forth to battle against your enemies, and see horses, and chariots, [and] a people more than you, you shall not be afraid of them; for Yahweh your God is with you, who brought you up out of the land of Egypt.
Young's Literal Translation (YLT) `When thou goest out to battle against thine enemy, and hast seen horse and chariot -- a people more numerous than thou -- thou art not afraid of them, for Jehovah thy God `is' with thee, who is bringing thee up out of the land of Egypt;
Cross Reference Genesis 26:3 in Assamese 3 তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
Numbers 23:21 in Assamese 21 তেওঁ যাকোবত অধৰ্ম্ম দেখা নাই, বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই; নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে, আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
Deuteronomy 2:7 in Assamese 7 কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্য্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
Deuteronomy 3:21 in Assamese 21 সেই সময়ত মই যিহোচুৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব।
Deuteronomy 7:1 in Assamese 1 আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
Deuteronomy 31:6 in Assamese 6 আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
Deuteronomy 31:8 in Assamese 8 যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
Joshua 1:5 in Assamese 5 তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
Joshua 1:9 in Assamese 9 মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
Joshua 10:5 in Assamese 5 তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মুতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Joshua 11:4 in Assamese 4 তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
Joshua 11:9 in Assamese 9 যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
Judges 4:3 in Assamese 3 সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোকসমূহৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
Judges 6:12 in Assamese 12 এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
2 Chronicles 14:11 in Assamese 11 তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
2 Chronicles 20:12 in Assamese 12 হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সমৰ্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
2 Chronicles 32:7 in Assamese 7 “তোমালোকে বলৱন্ত আৰু সাহসীয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্যসমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
Psalm 20:7 in Assamese 7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
Psalm 33:16 in Assamese 16 বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহা-শক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
Psalm 46:7 in Assamese 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 46:11 in Assamese 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 118:6 in Assamese 6 যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
Isaiah 7:14 in Assamese 14 এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল (আমাৰ লগত ঈশ্বৰ) ৰখা হ’ব।
Isaiah 8:9 in Assamese 9 হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা।
Isaiah 31:1 in Assamese 1 যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত (কাৰণ সেই বোৰ অধিক)আৰু অশ্বাৰোহীত ভাৰসা কৰে(কাৰণ সেয়া অসংখ্য) ।কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
Isaiah 37:24 in Assamese 24 তুমি তোমাৰ দাসসকলৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।
Isaiah 43:2 in Assamese 2 তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
Romans 8:31 in Assamese 31 তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?