Amos 5:15 in Assamese 15 যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
Other Translations King James Version (KJV) Hate the evil, and love the good, and establish judgment in the gate: it may be that the LORD God of hosts will be gracious unto the remnant of Joseph.
American Standard Version (ASV) Hate the evil, and love the good, and establish justice in the gate: it may be that Jehovah, the God of hosts, will be gracious unto the remnant of Joseph.
Bible in Basic English (BBE) Be haters of evil and lovers of good, and let right be done in the public place: it may be that the Lord, the God of armies, will have mercy on the rest of Joseph.
Darby English Bible (DBY) Hate evil, and love good, and establish judgment in the gate: it may be that Jehovah, the God of hosts, will be gracious unto the remnant of Joseph.
World English Bible (WEB) Hate evil, love good, And establish justice in the courts. It may be that Yahweh, the God of hosts, will be gracious to the remnant of Joseph."
Young's Literal Translation (YLT) Hate evil, and love good, And set up judgment in the gate, It may be Jehovah, God of Hosts, doth pity the remnant of Joseph.
Cross Reference Exodus 32:30 in Assamese 30 তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহা পাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰো তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
2 Samuel 16:12 in Assamese 12 কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
1 Kings 20:31 in Assamese 31 পাছত তেওঁৰ দাসসকলে তেওঁক ক’লে, “চাওঁক, আমি শুনিছোঁ যে ইস্ৰায়েল-বংশৰ ৰজাসকল দয়ালু ৰজা; এই হেতুকে বিনয় কৰোঁ, আমি ককাঁলত চট পিন্ধি ডিঙিত লেজু লৈ, বাহিৰ হৈ ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ যাওঁহঁক; কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব।”
2 Kings 13:7 in Assamese 7 পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
2 Kings 14:26 in Assamese 26 কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
2 Kings 15:29 in Assamese 29 ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচূৰৰ ৰজা তিগ্লৎ-পিলেতৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
2 Chronicles 19:6 in Assamese 6 তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
Psalm 34:14 in Assamese 14 তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
Psalm 36:4 in Assamese 4 তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
Psalm 37:27 in Assamese 27 তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।
Psalm 82:2 in Assamese 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
Psalm 97:10 in Assamese 10 যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
Psalm 119:104 in Assamese 104 তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰো; সেইবাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
Psalm 139:21 in Assamese 21 হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
Jeremiah 7:5 in Assamese 5 কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য সম্পূৰ্ণকৈ শুধৰোঁৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
Jeremiah 31:7 in Assamese 7 কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
Joel 2:14 in Assamese 14 কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
Amos 5:6 in Assamese 6 তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ (ইস্রায়েলৰ লোকসকল) মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎ-এলত কোনো নাথাকিব।
Amos 5:10 in Assamese 10 নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।
Amos 5:24 in Assamese 24 কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।
Amos 6:12 in Assamese 12 ঘোৰাঁবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্ম্মিকতাৰ ফলক তিতা ফললৈ পৰিবৰ্ত্তন কৰিলা।
Jonah 3:9 in Assamese 9 কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
Micah 2:12 in Assamese 12 হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা ভেড়াবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
Micah 5:3 in Assamese 3 এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
Micah 5:7 in Assamese 7 বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে।
Romans 7:15 in Assamese 15 কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ।
Romans 7:22 in Assamese 22 কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
Romans 8:7 in Assamese 7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷
Romans 12:9 in Assamese 9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি সত্য, সেই সত্যত আসক্ত হওক৷
1 Thessalonians 5:21 in Assamese 21 সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
3 John 1:11 in Assamese 11 হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহ’ব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।