Amos 2:9 in Assamese 9 ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলো; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।
Other Translations King James Version (KJV) Yet destroyed I the Amorite before them, whose height was like the height of the cedars, and he was strong as the oaks; yet I destroyed his fruit from above, and his roots from beneath.
American Standard Version (ASV) Yet destroyed I the Amorite before them, whose height was like the height of the cedars, and he was strong as the oaks; yet I destroyed his fruit from above, and his roots from beneath.
Bible in Basic English (BBE) Though I sent destruction on the Amorite before them, who was tall as the cedar and strong as the oak-tree, cutting off his fruit from on high and his roots from under the earth.
Darby English Bible (DBY) But I destroyed the Amorite before them, whose height was as the height of the cedars, and he was strong as the oaks; but I destroyed his fruit from above, and his roots from beneath.
World English Bible (WEB) Yet I destroyed the Amorite before them, Whose height was like the height of the cedars, And he was strong as the oaks; Yet I destroyed his fruit from above, and his roots from beneath.
Young's Literal Translation (YLT) And I -- I have destroyed the Amorite from before them, Whose height `is' as the height of cedars, And strong he `is' as the oaks, And I destroy his fruit from above, And his roots from beneath.
Cross Reference Genesis 15:16 in Assamese 16 তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
Exodus 3:8 in Assamese 8 মই তেওঁলোকক মিচৰীয়া লোকসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবূচীয়া লোক সকলে বাস কৰি আছে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
Exodus 34:11 in Assamese 11 মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়াসকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
Numbers 13:28 in Assamese 28 সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তানসকলকো দেখিলোঁ।
Numbers 13:32 in Assamese 32 এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তানসকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
Numbers 21:23 in Assamese 23 তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
Deuteronomy 1:28 in Assamese 28 এতিয়া আমি ক’লৈ যাব পাৰো? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
Deuteronomy 2:10 in Assamese 10 (পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
Deuteronomy 2:24 in Assamese 24 তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
Deuteronomy 3:11 in Assamese 11 (অৱশিষ্ট ৰেফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?)
Deuteronomy 9:1 in Assamese 1 হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যর্দন নদী পাৰ হবলৈ গৈ আছে।
Joshua 3:10 in Assamese 10 জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
Joshua 10:12 in Assamese 12 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
Joshua 11:21 in Assamese 21 সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
Joshua 24:8 in Assamese 8 তাৰ পাছত মই তোমালোকক যর্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
Judges 11:21 in Assamese 21 তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চিহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
2 Samuel 23:16 in Assamese 16 তাতে সেই তিনিজন বীৰ পুৰুষে ফিলিষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
Nehemiah 9:22 in Assamese 22 আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চিহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
Job 18:16 in Assamese 16 তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
Psalm 135:10 in Assamese 10 তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
Psalm 136:17 in Assamese 17 যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 5:24 in Assamese 24 এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাৰ বাক্য তুচ্ছজ্ঞান কৰিলে।
Ezekiel 17:9 in Assamese 9 তুমি লোকসকলক কোৱা: ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেয়ে উন্নতি লাভ কৰিব নে? তেওঁ জানো তাৰ শিপাবোৰ উঘালি নল’ব নে বা তাৰ ফলবোৰ ছিঙি নল‘ব নে যাতে তাৰ নতুনকৈ ওলোৱা আটাই পাতবোৰ শুকাই লেৰেলা হৈ পৰে? তাৰ শিপা উঘালিবলৈ অধিক বল কি আনকি অনেক মানুহ নালাগিব।
Malachi 4:1 in Assamese 1 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।