Acts 28 in Assamese

1 এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত, আমি সেই দ্ৱীপটোৰ নাম মিলিতা বুলি জানিলোঁ৷

2 তাত থকা স্থানীয় লোক সকলে বিদেশী বুলি আমাক কেৱল উদাৰ মনেৰে গ্ৰহন কৰাই নহয়, কিন্তু সেই সময়ত ঘন বৰষুণ আৰু অতি ঠাণ্ডা হোৱা বাবে তেওঁলোকে জুই জ্ৱলাই আমাক মৰমেৰে গ্ৰহন কৰিলে৷

3 কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে, তেতিয়া জুইৰ তাপ পাই এটা বিষাক্ত সাপ ওলাই আহিল আৰু তেওঁৰ হাতত মেৰিয়াই ধৰিলে৷

4 তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি, ইজনে সিজনক ক’বলৈ ধৰিলে, “এই মানুহ জন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পোৱাৰ পাছতো ন্যায় দিওঁতাই এওঁক জীয়াই থাকিব নিদিলে৷”

5 কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে; আনফালে তেওঁৰ একো ক্ষতিও নহ’ল,

6 তেতিয়া তাত উপস্থিত থকা লোক সকলে তেওঁৰ গা জ্ৱৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল৷ কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি, সিহঁতে মত সলনি কৰি ক’লে যে, “তেওঁ এজন দেৱতা৷”

7 সেই ঠাইৰ ওচৰত পুব্লিয় নামেৰে দ্ৱীপটোৰ প্ৰধান লোক জনৰ মাটি আছিল৷ তেৱেঁই আমাক আদৰণি জনাই, মৰমেৰে তিন দিন আলহী কৰি ৰাখিলে।

8 সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই তেওঁৰ গাত হাত দি প্ৰাৰ্থনা কৰিলে আৰু তেওঁক সুস্থ কৰিলে৷

9 এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত যিমান ৰোগী আছিল, সেই সকলো আহি সুস্থ হ’ল৷

10 তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷

11 আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা অহা দিয়স্কৰী (ইয়াৰ অৰ্থ ‘জীউছৰ সন্তান) নামৰ জাহাজ এখনত উঠিলো, কিয়নো এই জাহাজ খন আহি জাৰৰ তিনি মাহ এই দ্বীপটোত আছিল। এই জাহাজ খনৰ সন্মুখত যজা লৰাৰ চিহ্ন আছিল।

12 এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷

13 তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পাছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা আহি পুতিয়লী নগৰ পালোঁ৷

14 তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷

15 তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি, আমাক আগবঢ়াই নিবলৈ ‘অপ্পিয় বজাৰ’ আৰু ‘থ্ৰি ইন্‌’ নগৰলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰিলে, আৰু উৎসাহিত হ’ল৷

16 ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷

17 তিন দিনৰ পাছত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাই সকল, মই আমাৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয় লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছোঁ৷

18 তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷

19 কিন্তু যেতিয়া ইহুদী প্রধানসকলে আপত্তি কৰিলে, মই চীজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলোঁ; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলোঁ৷

20 এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বাৰ্তা হ’বলৈ মাতিলোঁ, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছোঁ৷”

21 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাৰ বিষয়ে যিহুদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷

22 কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”

23 পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ সেই মানুহবোৰৰ আগত এই বিষয়ে ঘোষণা কৰিলে, আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিলে। এইদৰে তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাৱবাদীৰ পুস্তকৰ পৰা কথা উলিয়াই যীচুৰ বিষয়ে তেওঁলোকক নিশ্চিত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰিলে৷

24 তেওঁৰ কথা কিছুমান লোকে বিশ্বাস কৰিলে আৰু কিছুমান লোকে বিশ্বাস নকৰিলে৷

25 তাৰ পাছত সেই কথাত পৰস্পৰৰ একমত নোহোৱাত, তেওঁলোক বিদায় ল’বলৈ ধৰিলে৷ পৌলে তেওঁলোকক এই কথা কৈছিল, বোলে, “পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্বপুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল।

26 তেওঁ কৈছিল, ‘এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা, ‘তোমালোকে শুনাত শুনিবা, কিন্তু নুবুজিবা; দেখোতে দেখিবা, কিন্তু নাজানিবা;

27 কিয়নো এই মানুহবোৰৰ হৃদয় ভোতোহা হৈ পৰিছে, তেওঁলোকৰ কাণো শুনিবলৈ গধূৰ, তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে; নহলে তেওঁলোকে দেখিলেহেঁতেন, আৰু কাণেৰে শুনিলেহেঁতেন, আৰু অন্তৰেৰে বুজিলেহেঁতেন, আৰু ঘূৰি আহিলেহেঁতেন, আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন’৷

28 সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্ৰাণ অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”

30 পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷

31 তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্বৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্ৰচাৰ কৰি থাকিল৷