Acts 1 in Assamese

1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।

2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷

3 ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দেখা দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।

4 এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।

5 যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব।”

6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্রায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”

7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।

8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হ’বা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ’বা।”

9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু তেওঁলোকৰ চকুৰ আগতে এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল।

10 এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক ক’লে,

11 “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এইজন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হ’ল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”

12 তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান (প্ৰায় ১ কি.মি.) দূৰৈত অৱস্থিত।

13 পাছত তেওঁলোকে যেতিয়া যিৰূচালেম নগৰ গৈ পালে, তেতিয়া তেওঁলোকে তাতে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।

14 তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্রার্থনাত লাগি থাকিল।

15 সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,

16 “হে ভাইসকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহুদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মূখেৰে পূৰ্বতে প্রকাশ কৰিছিল।

17 তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।

18 অধাৰ্মিকতাৰে কৰ্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহুদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।

19 এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ ‘তেজৰ মাটি’ হ’ল।”

20 পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, তাত কোনো মানুহ নাথাকক; (গীতমালা ৬৯:২৫) আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক’। (গীতমালা ১০৯:৮)

21 গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যিসকল লোকে আমাৰ মাজত চলা-ফুৰা কৰি আছিল;

22 বাপ্তিস্ম লোৱা সেই লোকসকলৰ মাজৰ এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”

23 তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।

24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, ‘হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;

25 কিয়নো যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা’।”

26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল, আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।