1 Peter 4:11 in Assamese 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
Other Translations King James Version (KJV) If any man speak, let him speak as the oracles of God; if any man minister, let him do it as of the ability which God giveth: that God in all things may be glorified through Jesus Christ, to whom be praise and dominion for ever and ever. Amen.
American Standard Version (ASV) if any man speaketh, `speaking' as it were oracles of God; is any man ministereth, `ministering' as of the strength which God supplieth: that in all things God may be glorified through Jesus Christ, whose is the glory and the dominion for ever and ever. Amen.
Bible in Basic English (BBE) If anyone has anything to say, let it be as the words of God; if anyone has the desire to be the servant of others, let him do it in the strength which is given by God; so that in all things God may have the glory through Jesus Christ, whose are the glory and the power for ever.
Darby English Bible (DBY) If any one speak -- as oracles of God; if any one minister -- as of strength which God supplies; that God in all things may be glorified through Jesus Christ, to whom is the glory and the might for the ages of ages. Amen.
World English Bible (WEB) If any man speaks, let it be as it were oracles of God. If any man serves, let it be as of the strength which God supplies, that in all things God may be glorified through Jesus Christ, to whom belong the glory and the dominion forever and ever. Amen.
Young's Literal Translation (YLT) if any one doth speak -- `as oracles of God;' if any one doth minister -- `as of the ability which God doth supply;' that in all things God may be glorified through Jesus Christ, to whom is the glory and the power -- to the ages of the ages. Amen.
Cross Reference 1 Chronicles 29:11 in Assamese 11 হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
Psalm 145:13 in Assamese 13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Isaiah 8:20 in Assamese 20 সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
Jeremiah 23:22 in Assamese 22 কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কু-কৰ্ম্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
Daniel 4:3 in Assamese 3 তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”
Daniel 4:34 in Assamese 34 সেই দিনবোৰৰ শেষত মই নবুখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
Daniel 7:14 in Assamese 14 তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
Acts 7:38 in Assamese 38 তেৱেঁই মৰুভুমিত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
Romans 3:2 in Assamese 2 সকলো ফালৰ পৰা বিশ্বাস কৰিবৰ বাবে ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ প্রকাশিত বাক্য প্ৰথমে ইহুদী সকলকেই দিছিল৷
Romans 11:36 in Assamese 36 কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
Romans 12:6 in Assamese 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
Romans 16:27 in Assamese 27 যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
1 Corinthians 3:10 in Assamese 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
1 Corinthians 6:20 in Assamese 20 কিয়নো আপোনালোক (মুক্তিৰ অর্থে) মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
1 Corinthians 10:31 in Assamese 31 এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
1 Corinthians 12:4 in Assamese 4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা এক;
2 Corinthians 9:13 in Assamese 13 আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই অনুমোদিত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
Ephesians 3:20 in Assamese 20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
Ephesians 4:29 in Assamese 29 আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু উপদেশমূলক কথাৰে পৰস্পৰক গঢ়ি তোলক; তেতিয়া সেই ভাল কথা শুনা সকলক অনুগ্ৰহ দান কৰিব।
Ephesians 5:20 in Assamese 20 সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
Ephesians 6:10 in Assamese 10 অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
Philippians 1:11 in Assamese 11 মই নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।
Philippians 2:11 in Assamese 11 আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
Colossians 4:6 in Assamese 6 আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
1 Timothy 6:16 in Assamese 16 তেৱেঁই একমাত্ৰ মৃত্যু নোহোৱা আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
Hebrews 5:12 in Assamese 12 ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
James 1:19 in Assamese 19 হে মোৰ প্ৰিয় ভাই সকল, অাপোনালোকে এই কথা জানে যে প্ৰত্যেক ব্যক্তি শুনিবলৈ খৰ, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক।
James 1:26 in Assamese 26 কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
James 3:1 in Assamese 1 হে মোৰ ভাই সকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হোৱাৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ় সোধ-বিচাৰ হ’ব।
1 Peter 2:5 in Assamese 5 আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
1 Peter 4:10 in Assamese 10 আপোনালোকে যেনেকৈ অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্বাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
1 Peter 5:11 in Assamese 11 তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন।
Jude 1:25 in Assamese 25 তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্রাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।
Revelation 1:5 in Assamese 5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী, তেওঁৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক। যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে,
Revelation 5:12 in Assamese 12 তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেষ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।