1 Kings 11:4 in Assamese 4 কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
Other Translations King James Version (KJV) For it came to pass, when Solomon was old, that his wives turned away his heart after other gods: and his heart was not perfect with the LORD his God, as was the heart of David his father.
American Standard Version (ASV) For it came to pass, when Solomon was old, that his wives turned away his heart after other gods; and his heart was not perfect with Jehovah his God, as was the heart of David his father.
Bible in Basic English (BBE) For it came about that when Solomon was old, his heart was turned away to other gods by his wives; and his heart was no longer true to the Lord his God as the heart of his father David had been.
Darby English Bible (DBY) And it came to pass when Solomon was old, [that] his wives turned away his heart after other gods; and his heart was not perfect with Jehovah his God, as the heart of David his father.
Webster's Bible (WBT) For it came to pass, when Solomon was old, that his wives turned away his heart after other gods: and his heart was not perfect with the LORD his God, as was the heart of David his father.
World English Bible (WEB) For it happened, when Solomon was old, that his wives turned away his heart after other gods; and his heart was not perfect with Yahweh his God, as was the heart of David his father.
Young's Literal Translation (YLT) And it cometh to pass, at the time of the old age of Solomon, his wives have turned aside his heart after other gods, and his heart hath not been perfect with Jehovah his God, like the heart of David his father.
Cross Reference Deuteronomy 7:4 in Assamese 4 কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
Deuteronomy 17:17 in Assamese 17 আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।
1 Kings 6:1 in Assamese 1 ইস্ৰায়েলৰ সন্তানসকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
1 Kings 6:12 in Assamese 12 “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
1 Kings 8:61 in Assamese 61 এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”
1 Kings 9:4 in Assamese 4 তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা,
1 Kings 9:10 in Assamese 10 যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।
1 Kings 11:2 in Assamese 2 যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
1 Kings 11:6 in Assamese 6 এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
1 Kings 11:38 in Assamese 38 আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
1 Kings 11:42 in Assamese 42 চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
1 Kings 14:21 in Assamese 21 সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিচ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰোচালেমত সোতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়না।
1 Kings 15:3 in Assamese 3 তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
1 Kings 15:14 in Assamese 14 কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
2 Kings 20:3 in Assamese 3 “হে যিহোৱা, মিনতি কৰিছো, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে।
1 Chronicles 28:9 in Assamese 9 হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্য্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
1 Chronicles 29:19 in Assamese 19 আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
2 Chronicles 17:3 in Assamese 3 যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
2 Chronicles 25:2 in Assamese 2 যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।
2 Chronicles 31:20 in Assamese 20 হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
2 Chronicles 34:2 in Assamese 2 যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
Nehemiah 13:26 in Assamese 26 ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।