1 Corinthians 1:27 in Assamese 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
Other Translations King James Version (KJV) But God hath chosen the foolish things of the world to confound the wise; and God hath chosen the weak things of the world to confound the things which are mighty;
American Standard Version (ASV) but God chose the foolish things of the world, that he might put to shame them that are wise; and God chose the weak things of the world, that he might put to shame the things that are strong;
Bible in Basic English (BBE) But God made selection of the foolish things of this world so that he might put the wise to shame; and the feeble things that he might put to shame the strong;
Darby English Bible (DBY) But God has chosen the foolish things of the world, that he may put to shame the wise; and God has chosen the weak things of the world, that he may put to shame the strong things;
World English Bible (WEB) but God chose the foolish things of the world that he might put to shame those who are wise. God chose the weak things of the world, that he might put to shame the things that are strong;
Young's Literal Translation (YLT) but the foolish things of the world did God choose, that the wise He may put to shame; and the weak things of the world did God choose that He may put to shame the strong;
Cross Reference Psalm 8:2 in Assamese 2 শিশু আৰু পিয়াহ খোৱা কেচুঁৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
Isaiah 26:5 in Assamese 5 কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব; তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব।
Isaiah 29:14 in Assamese 14 এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
Isaiah 29:19 in Assamese 19 নিপীড়িত লোকসকলে পুনৰ যিহোৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইস্ৰায়েলৰ পবিত্ৰ জনাত উল্লাস কৰিব।
Zephaniah 3:12 in Assamese 12 কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
Matthew 4:18 in Assamese 18 পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই, চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
Matthew 9:9 in Assamese 9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
Matthew 11:25 in Assamese 25 সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু জগতৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
Matthew 21:16 in Assamese 16 তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
Luke 19:39 in Assamese 39 তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, “হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক।”
Luke 21:15 in Assamese 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
Acts 4:11 in Assamese 11 যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
Acts 6:9 in Assamese 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ সৈতে কুৰীণীয়া আৰু আলেকজেন্দ্রিয়া নগৰৰ লগতে কিলকিয়া আৰু এচিয়া প্ৰদেশৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিব ধৰিলে।
Acts 7:35 in Assamese 35 এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে’? তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
Acts 7:54 in Assamese 54 এইবোৰ কথা শুনি মহাসভাৰ সদস্য সকলৰ হৃদয় স্তিফানৰ প্রতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰচিলে।
Acts 17:18 in Assamese 18 তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এইজনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
Acts 24:24 in Assamese 24 কিছুদিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে।
1 Corinthians 1:20 in Assamese 20 জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
2 Corinthians 4:7 in Assamese 7 শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে।
2 Corinthians 10:4 in Assamese 4 (কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷)
2 Corinthians 10:10 in Assamese 10 কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?