Romans 2:29 in Assamese 29 কিন্তু যিজন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
Other Translations King James Version (KJV) But he is a Jew, which is one inwardly; and circumcision is that of the heart, in the spirit, and not in the letter; whose praise is not of men, but of God.
American Standard Version (ASV) but he is a Jew who is one inwardly; and circumcision is that of the heart, in the spirit not in the letter; whose praise is not of men, but of God.
Bible in Basic English (BBE) But he is a Jew who is a secret one, whose circumcision is of the heart, in the spirit and not in the letter; whose praise is not from men, but from God.
Darby English Bible (DBY) but he [is] a Jew [who is so] inwardly; and circumcision, of the heart, in spirit, not in letter; whose praise [is] not of men, but of God.
World English Bible (WEB) but he is a Jew who is one inwardly, and circumcision is that of the heart, in the spirit not in the letter; whose praise is not from men, but from God.
Young's Literal Translation (YLT) but a Jew `is' he who is `so' inwardly, and circumcision `is' of the heart, in spirit, not in letter, of which the praise is not of men, but of God.
Cross Reference Deuteronomy 10:16 in Assamese 16 সেয়েহে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
Deuteronomy 30:6 in Assamese 6 আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।
1 Samuel 16:7 in Assamese 7 কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্ছতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
1 Chronicles 29:17 in Assamese 17 হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তুষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Psalm 45:13 in Assamese 13 ৰাজপ্রসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
Jeremiah 4:4 in Assamese 4 হে যিহূদাৰ লোক, হে যিৰূচালেম-নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Jeremiah 4:14 in Assamese 14 হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
Matthew 23:25 in Assamese 25 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।
Luke 11:39 in Assamese 39 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ।
Luke 17:21 in Assamese 21 “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
John 3:5 in Assamese 5 যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
John 4:23 in Assamese 23 কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ আৰাধনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
John 5:44 in Assamese 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা (মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা (মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
John 12:43 in Assamese 43 কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা(মহিমা)তকৈ মানুহৰ পৰা পোৱা প্ৰশংসা(মহিমা)ক বেছি প্ৰেম কৰিছিল।
Romans 2:27 in Assamese 27 আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
Romans 7:6 in Assamese 6 কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।
Romans 14:17 in Assamese 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
1 Corinthians 4:5 in Assamese 5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
2 Corinthians 3:6 in Assamese 6 তেৱেঁই আমাক নতুন নিয়ম (বিধান)ৰ পৰিচাৰক হ’বলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
2 Corinthians 10:18 in Assamese 18 কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত অনুমোদিত নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে অনুমোদিত।
Philippians 3:3 in Assamese 3 কিয়নো আমি হে প্ৰকৃততে চু্ন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
Colossians 2:11 in Assamese 11 তেওঁতেই আপোনালোকো বিনাহাতে কৰা চুন্নতৰ যোগেদি চুন্নৎ কৰোৱা হ’ল, এয়া মাংসময় শৰীৰৰ পাপ স্বভাৱ কাটি পেলোৱাৰ দ্বাৰাই খ্ৰীষ্টত আপোনালোক চুন্নৎ হ’ল৷
1 Thessalonians 2:4 in Assamese 4 কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
1 Peter 3:4 in Assamese 4 কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷