Romans 2 in Assamese

1 হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহ’ব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।

2 আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।

3 কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?

4 নে আপুনি তেওঁৰ স্নেহশীল, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ স্নেহশীলতাই আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?

5 কিন্তু আপোনাৰ কঠিনতা আৰু মন-পালটন নকৰা হৃদয়ে, ঈশ্বৰৰ ধাৰ্মিকতাপূৰ্ণ সোধ-বিচাৰৰ ন্যায় প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।

6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;

7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷

8 কিন্তু স্বাৰ্থপৰ লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;

9 তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷

10 কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোক, এইদৰে সৎকৰ্ম্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব;

11 কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷

12 সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।

13 কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;

14 কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।

15 এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,

16 আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷

17 আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰে,

18 তেওঁৰ ইচ্ছা জানে, আৰু বিধানৰ শিক্ষা অনুসৰি কোনো বিষয় পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰে,

19 নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হয়,

20 অজ্ঞানক জ্ঞান দিয়ে, শিশু সকলৰ গুৰু হয়; বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে জানে,

21 তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে?

22 হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে?

23 হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?

24 কিয়নো ‘ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে’, ঠিক এনেদৰে লিখাও আছে৷

25 কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল।

26 এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে?

27 আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?

28 কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হ’লেই প্ৰকৃত ইহুদী হ’ব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ, সেই চুন্নতো প্ৰকৃত চুন্নৎ নহয়;

29 কিন্তু যিজন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।