Revelation 8:3 in Assamese 3 পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰ সৈতে, তেওঁক ভালেমান ধুপ দিয়া হ’ল।
Other Translations King James Version (KJV) And another angel came and stood at the altar, having a golden censer; and there was given unto him much incense, that he should offer it with the prayers of all saints upon the golden altar which was before the throne.
American Standard Version (ASV) And another angel came and stood over the altar, having a golden censer; and there was given unto him much incense, that he should add it unto the prayers of all the saints upon the golden altar which was before the throne.
Bible in Basic English (BBE) And another angel came and took his place at the altar, having a gold vessel for burning perfume; and there was given to him much perfume, so that he might put it with the prayers of all the saints on the gold altar which was before the high seat.
Darby English Bible (DBY) And another angel came and stood at the altar, having a golden censer; and much incense was given to him, that he might give [efficacy] to the prayers of all saints at the golden altar which [was] before the throne.
World English Bible (WEB) Another angel came and stood over the altar, having a golden censer. Much incense was given to him, that he should add it to the prayers of all the saints on the golden altar which was before the throne.
Young's Literal Translation (YLT) and another messenger did come, and he stood at the altar, having a golden censer, and there was given to him much perfume, that he may give `it' to the prayers of all the saints upon the golden altar that `is' before the throne,
Cross Reference Genesis 48:15 in Assamese 15 পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্ব্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
Exodus 3:2 in Assamese 2 সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নিশিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
Exodus 30:1 in Assamese 1 তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
Exodus 37:25 in Assamese 25 বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল।
Exodus 40:26 in Assamese 26 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে।
Leviticus 16:12 in Assamese 12 হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
Numbers 16:46 in Assamese 46 মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।
1 Kings 7:50 in Assamese 50 নিৰ্মল সোণৰ বাটি, কটাৰি, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙ্গাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰস্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
2 Chronicles 26:16 in Assamese 16 কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
Psalm 141:2 in Assamese 2 মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধ্যা উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
Amos 9:1 in Assamese 1 মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব ।
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Luke 1:10 in Assamese 10 ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰার্থনা কৰি আছিল।
Acts 7:30 in Assamese 30 এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
Romans 8:34 in Assamese 34 দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
Hebrews 4:15 in Assamese 15 কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Hebrews 9:4 in Assamese 4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি (যত কুঁহি ওলাইছিল) আৰু বিধান থকা দুখন শিলৰ ফলি।
Hebrews 10:19 in Assamese 19 এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
Revelation 5:8 in Assamese 8 যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেষ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।
Revelation 6:9 in Assamese 9 যেতিয়া মেষ পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া বেদীৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
Revelation 7:2 in Assamese 2 পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,
Revelation 8:4 in Assamese 4 তাতে সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধুপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
Revelation 9:13 in Assamese 13 পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ সন্মুখত থকা সোণৰ বেদীৰ শিং চাৰিটাৰ পৰা এটা মাত শুনিলোঁ।
Revelation 10:1 in Assamese 1 তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰৰ ওপৰত ৰামধনু (মেঘধনু) আছিল৷ তেওঁৰ মুখ সূৰ্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰবোৰৰ নিচিনা।