Revelation 8 in Assamese

1 পাছত সেই মেষ পোৱালিয়ে যেতিয়া সপ্তম ছাব মেলিলে, তেতিয়া স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।

2 আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তুৰী দিয়া হ’ল।

3 পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰ সৈতে, তেওঁক ভালেমান ধুপ দিয়া হ’ল।

4 তাতে সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধুপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।

5 পাছত দূতে ধুপবাতি লৈ, তাত বেদীৰ পৰা জুই ভৰাই ল’লে৷ আৰু যেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তেতিয়া মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।

6 পাছত সাতোটা তুৰী লোৱা এই সাত জন দূতে তুৰী বজাবলৈ নিজক যুগুত কৰিলে।

7 পাছত প্ৰথম জন দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তেতিয়া পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।

8 পাছত দ্বিতীয় দূতে বজাওঁতে, অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তেতিয়া সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল

9 আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।

10 পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।

11 সেই তৰাৰ নাম তিক্ততা (নাগদানা)৷ তাতে জলৰ তিনি ভাগৰ এভাগ তিতা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।

12 পাছত চতুৰ্থ দূতে বজাওঁতে, সূৰ্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হ’ল আৰু ৰাতিৰো সেইৰূপ হ’ল, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।

13 পাছত মই চাওতে আৰু শুনোতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তুৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।