Psalm 73 in Assamese
1 অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ-চিত্তীয়াসকললৈ শুভ কৰোঁতা।
2 কিন্তু মোৰ ভৰি হলে প্ৰায় পিছল খাইছিল; মোৰ খোজ প্ৰায়েই পিছলি গৈছিল।
3 তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
4 কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।
5 তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোকে বিপদতো নপৰে।
6 এই কাৰণে অহঙ্কাৰ তেওঁলোকৰ দিঙিৰ হাৰস্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণস্বৰুপ হৈছে।
7 তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষপর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।
8 তেওঁলোকে মহাবিদ্রোপৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।
9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
10 এই কাৰণে ঈশ্বৰৰ সন্তানসকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।
11 তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? সৰ্ব্বোপৰি জনে জানো কিহবলৈ গৈ আছে তাক জানিব?”
12 চোৱা তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাৱ সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।
13 নিশ্চয় মই অনর্থক মোৰ হৃদয় সংৰক্ষণ কৰি ৰাখিলোঁ; হাত ধুই নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিলোঁ।
14 কিয়নো মই ওৰে দিনটো আঘাতিত হলো; প্ৰতি ৰাতিপুৱা বিনয়ী হ’লোঁ।
15 যদি মই কলোহেতেন, “সেইদৰে কম বুলি ভাবিলোহেঁতেন; তেন্তে চোৱা, তোমাৰ সন্তানসকলৰ বংশলৈ বিশ্বাসঘাতক হলোহেঁতেন।
16 যেতিয়া এইবোৰ কাম মই কেনেকৈ বুজিম বুলি চিন্তা কৰিছিলোঁ; এইটো মোৰ কাৰণে বহুত কঠিন আছিল।
17 তেতিয়া, মই ঈশ্বৰৰ পবিত্ৰস্হানত নোসোমোৱালৈকে; আৰু তেওঁলোকৰ বিশ্বাস বিবেচনাকৰি বুজিনোপোৱালৈকে, মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল।
18 সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
19 তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়! নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হব।
20 তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছজ্ঞান কৰাৰ নিচিনাকৈ; হে ঈশ্বৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছজ্ঞান কৰিবা।
21 যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল।
22 তেতিয়া মই অজ্ঞান আৰু মনৰকল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।
23 তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাতখনত ধৰি ৰাখিলা।
24 তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
25 তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
26 মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।
27 কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব; তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা।
28 কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভুযিহোৱাক মোৰ আশ্রয়স্থান গ্রহণ কৰিলো; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।