Psalm 58 in Assamese
1 তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে? হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা?
2 বৰং তোমালোকৰ মনত আছে অন্যায়, আৰু দুষ্টতাৰ কার্য কৰিছা; তোমালোকে পৃথিবীত নিজৰ হাতৰ উপদ্ৰৱ তুলেৰে জুখিদিছা।
3 দুষ্টবোৰ গৰ্ভত থকাৰ পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপদগামি হয়।
4 সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
5 সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
6 হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
7 বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাড়বোৰ আগ ছিগা যেন হওক।
8 শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
9 তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণিবতাহেৰে উড়াই নিব।
10 ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।
11 তাকে দেখি লোকসকলে কব, “সচাঁকৈয়ে ধাৰ্ম্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।