Psalm 52 in Assamese
1 হে বীৰ, তুমি দুষ্কৰ্ম্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
3 তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। চেলা ।
4 হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
5 কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
6 ধাৰ্ম্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
7 “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্রয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্রয় ল’লে।”
8 কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জলফাই গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰো।
9 হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।