Psalm 20:1 in Assamese 1 সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক! যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক!
Other Translations King James Version (KJV) The LORD hear thee in the day of trouble; the name of the God of Jacob defend thee;
American Standard Version (ASV) Jehovah answer thee in the day of trouble; The name of the God of Jacob set thee up on high;
Bible in Basic English (BBE) <To the chief music-maker. A Psalm. Of David.> May the Lord give ear to you in the day of trouble; may you be placed on high by the name of the God of Jacob;
Darby English Bible (DBY) {To the chief Musician. A Psalm of David.} Jehovah answer thee in the day of trouble; the name of the God of Jacob protect thee;
World English Bible (WEB) > May Yahweh answer you in the day of trouble. May the name of the God of Jacob set you up on high,
Young's Literal Translation (YLT) To the Overseer. -- A Psalm of David. Jehovah doth answer thee, In a day of adversity, The name of the God of Jacob doth set thee on high,
Cross Reference Genesis 32:27 in Assamese 27 পুৰুষজনে তেওঁক ক’লে, “তোমাৰ নাম কি?” তেওঁ ক’লে, “যাকোব।”
Genesis 48:15 in Assamese 15 পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্ব্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
Exodus 3:13 in Assamese 13 মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
Exodus 34:5 in Assamese 5 যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
Psalm 9:10 in Assamese 10 যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
Psalm 18:2 in Assamese 2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
Psalm 41:1 in Assamese 1 ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 46:7 in Assamese 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 46:11 in Assamese 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 50:5 in Assamese 5 “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসর্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
Psalm 60:11 in Assamese 11 শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় যে বৃথা।
Psalm 83:18 in Assamese 18 তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
Psalm 91:14 in Assamese 14 কিয়নো তেওঁ মোত প্রেম কৰে, সেয়েহে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
Psalm 114:2 in Assamese 2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰয়েল হ’ল তেওঁৰ ৰাজ্য।
Psalm 138:7 in Assamese 7 যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 50:10 in Assamese 10 তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
Jeremiah 30:7 in Assamese 7 হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই। এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব।
Matthew 26:38 in Assamese 38 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া।”
Hebrews 5:7 in Assamese 7 যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ঈশ্বৰীয় ভয়ৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।