Psalm 20 in Assamese

1 সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক! যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক!

2 তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।

3 তোমাৰ সকলো উৎসর্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)

4 তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।

5 তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।

6 এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।

7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।

8 তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।

9 হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।