Psalm 150 in Assamese
1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। ঈশ্বৰৰ পবিত্ৰস্থানত তেওঁৰ প্ৰশংসা কৰা; তেওঁৰ শক্তিৰে গঢ়া আকাশ-মণ্ডলত তেওঁৰ প্ৰশংসা কৰা।
2 তেওঁৰ মহৎ কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।
3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
4 খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা; তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।
5 কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা; কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।
6 শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।