Psalm 149 in Assamese

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,

2 ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।

3 তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।

4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।

5 ভক্তসকলে গৌৰৱতে উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।

6 তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;

7 যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমুহক শাস্তি দিব পাৰে;

8 যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;

9 যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।