Psalm 147 in Assamese

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।

2 যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মান কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।

3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

4 তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।

5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্রম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।

6 যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।

7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।

8 যি জনাই আশাক-মণ্ডলক মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,

9 পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালীবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।

10 ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ (যোদ্ধাৰ) ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;

11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

12 হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।

13 কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তানসকলক আশীৰ্ব্বাদ দিলে।

14 তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।

15 তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।

16 তেওঁ ভেড়াৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে দৰে নিয়ৰ সিঁচি দিয়ে।

17 তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?

18 তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।

19 তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।

20 অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।