Psalm 146 in Assamese

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।

2 মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।

4 তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।

5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।

6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকাল বিশ্বস্ত থাকে।

7 তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰসকলক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;

8 যিহোৱাই অন্ধসকলৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্ম্মিক লোকক প্ৰেম কৰে;

9 যিহোৱাই বিদেশীসকলক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।

10 যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।