Psalm 131 in Assamese
1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহয়।
2 কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলো, যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে; মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।
3 হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্ত কাললৈকে।