Philippians 4:8 in Assamese 8 শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত; এনে ধৰণৰ সদগুণ আৰু যিবোৰ প্ৰশংসাযুক্ত, সেই বিষয়বোৰক ভাবনা কৰক।
Other Translations King James Version (KJV) Finally, brethren, whatsoever things are true, whatsoever things are honest, whatsoever things are just, whatsoever things are pure, whatsoever things are lovely, whatsoever things are of good report; if there be any virtue, and if there be any praise, think on these things.
American Standard Version (ASV) Finally, brethren, whatsoever things are true, whatsoever things are honorable, whatsoever things are just, whatsoever things are pure, whatsoever things are lovely, whatsoever things are of good report; if there be any virtue, and if there be any praise, think on these things.
Bible in Basic English (BBE) For the rest, my brothers, whatever things are true, whatever things have honour, whatever things are upright, whatever things are holy, whatever things are beautiful, whatever things are of value, if there is any virtue and if there is any praise, give thought to these things.
Darby English Bible (DBY) For the rest, brethren, whatsoever things [are] true, whatsoever things [are] noble, whatsoever things [are] just, whatsoever things [are] pure, whatsoever things [are] amiable, whatsoever things [are] of good report; if [there be] any virtue and if any praise, think on these things.
World English Bible (WEB) Finally, brothers, whatever things are true, whatever things are honorable, whatever things are just, whatever things are pure, whatever things are lovely, whatever things are of good report; if there is any virtue, and if there is any praise, think about these things.
Young's Literal Translation (YLT) As to the rest, brethren, as many things as are true, as many as `are' grave, as many as `are' righteous, as many as `are' pure, as many as `are' lovely, as many as `are' of good report, if any worthiness, and if any praise, these things think upon;
Cross Reference 2 Samuel 23:3 in Assamese 3 ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
Proverbs 20:7 in Assamese 7 ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তানসকল সুখী হয়।
Isaiah 26:7 in Assamese 7 ধাৰ্ম্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্ম্মিকসকলৰ পথ সমান কৰিছে।
Matthew 22:16 in Assamese 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়াৰ মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাত নকৰে।
Acts 10:22 in Assamese 22 তেওঁলোকে ক’লে, “কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷”
Acts 22:12 in Assamese 12 পাছত সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনে আহি মোক লগ দিলে৷
Romans 2:29 in Assamese 29 কিন্তু যিজন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
Romans 12:9 in Assamese 9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি সত্য, সেই সত্যত আসক্ত হওক৷
Romans 13:3 in Assamese 3 কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয়, কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব;
Romans 13:13 in Assamese 13 বন্য অনুষ্ঠান (মত্ততা), ৰঙ্গৰস, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।
1 Corinthians 4:5 in Assamese 5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
1 Corinthians 13:1 in Assamese 1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
2 Corinthians 6:8 in Assamese 8 আমি মৰ্যদা আৰু অমৰ্য্যাদা, কু-যশ আৰু সু-যশ, প্ৰবঞ্চকৰ নিচিনা, কিন্তু সত্যবাদী;
2 Corinthians 8:18 in Assamese 18 তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ৷
2 Corinthians 8:21 in Assamese 21 যি বিষয় সন্মানীয়, সেই বিষয়তহে আমি যত্নশীল হৈছোঁ, কেৱল প্ৰভুৰ দৃষ্টিত নহয়, কিন্তু মানুহৰ দৃষ্টিতো হৈছোঁ।
2 Corinthians 13:7 in Assamese 7 এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Ephesians 5:9 in Assamese 9 কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।
Ephesians 6:14 in Assamese 14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
Philippians 3:1 in Assamese 1 শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই, আৰু এইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷
Colossians 4:5 in Assamese 5 বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।
1 Thessalonians 4:12 in Assamese 12 আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
1 Thessalonians 5:21 in Assamese 21 সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
1 Timothy 2:2 in Assamese 2 ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলোৱে ঈশ্বৰভক্তিত আৰু সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;
1 Timothy 3:4 in Assamese 4 সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
1 Timothy 3:7 in Assamese 7 ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হ’ব লাগে৷
1 Timothy 3:11 in Assamese 11 পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হ’ব লাগে৷ তেওঁলোক যেন অপবাদক নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে বিশ্বাসযোগ্য হয়৷
1 Timothy 4:12 in Assamese 12 তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
1 Timothy 5:10 in Assamese 10 তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্ম্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
Titus 1:8 in Assamese 8 কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
Titus 2:2 in Assamese 2 বৃদ্ধ সকল আত্মসংযমী, সন্মান পোৱাৰ যোগ্য, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হওক৷
Titus 2:7 in Assamese 7 নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা;
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Titus 3:14 in Assamese 14 আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।
Hebrews 13:18 in Assamese 18 আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;
James 1:27 in Assamese 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু জগতৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
James 3:17 in Assamese 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, অকপট আৰু নিৰ্মল।
1 Peter 1:22 in Assamese 22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ প্ৰাণ শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
1 Peter 2:12 in Assamese 12 আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
1 Peter 4:8 in Assamese 8 বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে পাপ সমূহ ঢাকে।
2 Peter 1:3 in Assamese 3 যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰিবলৈ সকলো বিষয় দান কৰিলে।
1 John 3:3 in Assamese 3 আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে নিৰ্মল আস্থা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
1 John 3:18 in Assamese 18 হে প্রিয় সকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।