Philippians 4 in Assamese

1 এতেকে হে মোৰ ভাই সকল, যি সকলক মই প্ৰেম আৰু দেখিবলৈ আশা কৰো, তেখেতসকলেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷

2 মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।

3 প্ৰকৃততে, মই আপোনাক নিবেদন কৰোঁ, হে মোৰ সহকৰ্মী আপুনি সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷

4 আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।

5 আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।

6 আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা, আৰু নিবেদনেৰে সৈতে আপোনালোকৰ অনুৰোধ ঈশ্বৰৰ আগত জনোৱা হওক।

7 তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।

8 শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত; এনে ধৰণৰ সদগুণ আৰু যিবোৰ প্ৰশংসাযুক্ত, সেই বিষয়বোৰক ভাবনা কৰক।

9 আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।

10 মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰজীৱিত হ’ল৷ যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।

11 মোৰ প্ৰয়োজনৰ বাবেহে যে এনে কথা কৈছোঁ, এয়া নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ।

12 মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হৈ থাকিবলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।

13 মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।

14 তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেয়ে বৰ ভাল কৰিলে।

15 হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়ালৈ গৈছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;

16 এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল।

17 মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।

18 সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হলোঁ৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷

19 আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

20 এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।

21 খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। মোৰ লগৰ ভাই সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।

22 সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।

23 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক।