Philippians 2:12 in Assamese 12 এতেকে হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণৰ কৰ্ম সম্পন্ন কৰক৷
Other Translations King James Version (KJV) Wherefore, my beloved, as ye have always obeyed, not as in my presence only, but now much more in my absence, work out your own salvation with fear and trembling.
American Standard Version (ASV) So then, my beloved, even as ye have always obeyed, not as in my presence only, but now much more in my absence, work out your own salvation with fear and trembling;
Bible in Basic English (BBE) So then, my loved ones, as you have at all times done what I say, not only when I am present, but now much more when I am not with you, give yourselves to working out your salvation with fear in your hearts;
Darby English Bible (DBY) So that, my beloved, even as ye have always obeyed, not as in my presence only, but now much rather in my absence, work out your own salvation with fear and trembling,
World English Bible (WEB) So then, my beloved, even as you have always obeyed, not only in my presence, but now much more in my absence, work out your own salvation with fear and trembling.
Young's Literal Translation (YLT) So that, my beloved, as ye always obey, not as in my presence only, but now much more in my absence, with fear and trembling your own salvation work out,
Cross Reference Ezra 10:3 in Assamese 3 সেয়েহে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তানসকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
Isaiah 66:2 in Assamese 2 মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
Matthew 11:29 in Assamese 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, আপোনালোকৰ ওপৰত মোৰ যুৱঁলি লওক আৰু মোৰ শিক্ষা লওক; তাতে আপোনালোকে নিজৰ নিজৰ মনত জিৰণি পাব।
Luke 13:23 in Assamese 23 তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে পৰিত্ৰাণ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে
John 6:27 in Assamese 27 ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে, তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Romans 13:11 in Assamese 11 এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল; কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ’ল।
1 Corinthians 9:20 in Assamese 20 ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷
1 Corinthians 15:58 in Assamese 58 এতেকে, হে মোৰ প্ৰিয় ভাইসকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
2 Corinthians 7:15 in Assamese 15 আৰু আপোনালোকে তেওঁৰ আজ্ঞাধীন হৈ, ভয় আৰু কম্পনেৰে যে তেওঁক গ্ৰহন কৰিছিল, সেই কথা তেওঁ সোঁৱৰণ কৰোঁতে, আপোনালোকলৈ তেওঁৰ স্নেহ অতি অধিক হ’ল।
Galatians 6:7 in Assamese 7 আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
Ephesians 6:5 in Assamese 5 দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে সতৰ্কতাৰে জগতত থকা নিজৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
Philippians 1:5 in Assamese 5 প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷
Philippians 1:27 in Assamese 27 মই যেতিয়া আপোনালোকক চাবলৈ যাম, নাইবা চাবলৈ নাযাম, তথাপি আপোনালোকে যেন এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, এনে বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, আৰু ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক।
Philippians 1:29 in Assamese 29 কিয়নো খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো, আপোনালোকক তেওঁৰ কাৰণে সুযোগ প্ৰদান কৰা হ’ল,
Philippians 3:13 in Assamese 13 হে ভাই সকল, মই যে সেয়া এতিয়াই পালোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
Philippians 4:1 in Assamese 1 এতেকে হে মোৰ ভাই সকল, যি সকলক মই প্ৰেম আৰু দেখিবলৈ আশা কৰো, তেখেতসকলেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
Philippians 4:15 in Assamese 15 হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়ালৈ গৈছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;
1 Thessalonians 1:3 in Assamese 3 আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু ধৈৰ্যেৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ কথা সোঁৱৰণ কৰি নিৰন্তৰে আমি প্রার্থনাত পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ।
2 Timothy 2:10 in Assamese 10 এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
Hebrews 4:1 in Assamese 1 এতেকে আমি সতর্ক হ’ব লাগে, যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়।
Hebrews 4:11 in Assamese 11 সেই কাৰণে আহক, আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক। আমি কোনেও যেন সেই অবাধ্য ইস্রায়েলীয় লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম।
Hebrews 5:9 in Assamese 9 এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হ’ল;
Hebrews 6:10 in Assamese 10 কিয়নো ঈশ্বৰ এনে অধাৰ্মিক বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
Hebrews 12:28 in Assamese 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হ’লো; সেয়েহে আহক, প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক;
1 Peter 2:11 in Assamese 11 হে প্ৰিয়সকল, এই জগতত আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে, প্ৰাণৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
2 Peter 1:5 in Assamese 5 ইয়াৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
2 Peter 3:18 in Assamese 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।