Philippians 2 in Assamese

1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,

2 তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক চিত্তৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷

3 আপোনালোকে বিৰোধ বা অনৰ্থক স্বাৰ্থপৰতাৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি ভাবক৷

4 প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।

5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,

6 যি জন অস্তিত্বত ঈশ্বৰৰ প্ৰতিৰূপ আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷

7 বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷

8 তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল।

9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,

10 যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷

11 আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷

12 এতেকে হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণৰ কৰ্ম সম্পন্ন কৰক৷

13 কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।

14 বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক;

15 যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷

16 জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই;

17 কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।

18 এই বিষয়ে আপোনালোকেও আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক৷

19 কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ।

20 কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তীমথিয়ৰ চিত্তৰ দৰে আন লোক মোৰ কোনো নাই।

21 কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।

22 কিন্তু আপোনালোকে জানিব যে, তীমথিয় নিজে প্রমাণিত; কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে পৰিচৰ্যা কৰ্ম কৰিলে৷

23 এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷

24 কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।

25 মই ইয়াকে আৱশ্যক বুলি অনুভব কৰি ইপাফ্রদীতক পঠিয়াই দিলো, তেখেত মোৰ ভাই, সহকাৰী আৰু সহসেনা; আপোনালোকৰ বাৰ্তাবহক, আৰু মোৰ প্ৰয়োজনীয়তাত এক সেৱক আছিল।

26 কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেখেত গভীৰভাবে পীড়িত আছিল, আৰু আপোনালোকক চাবলৈ প্ৰত্যাশিত আছিল।

27 তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেখেতলৈ দয়া কৰিলে৷ অকল তেখেতলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।

28 এতেকে আপোনালোকে তেখেতক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷

29 সম্পূৰ্ণ আনন্দেৰে আপোনালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব,

30 কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।