Numbers 21:7 in Assamese 7 লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
Other Translations King James Version (KJV) Therefore the people came to Moses, and said, We have sinned, for we have spoken against the LORD, and against thee; pray unto the LORD, that he take away the serpents from us. And Moses prayed for the people.
American Standard Version (ASV) And the people came to Moses, and said, We have sinned, because we have spoken against Jehovah, and against thee; pray unto Jehovah, that he take away the serpents from us. And Moses prayed for the people.
Bible in Basic English (BBE) Then the people came to Moses and said, We have done wrong in crying out against the Lord and against you: make prayer to the Lord to take away the snakes from us. So Moses made prayer for the people.
Darby English Bible (DBY) And the people came to Moses and said, We have sinned, in that we have spoken against Jehovah, and against thee: pray to Jehovah that he take away the serpents from us. And Moses prayed for the people.
Webster's Bible (WBT) Therefore the people came to Moses, and said, We have sinned, for we have spoken against the LORD, and against thee; pray to the LORD, that he take away the serpents from us. And Moses prayed for the people.
World English Bible (WEB) The people came to Moses, and said, We have sinned, because we have spoken against Yahweh, and against you; pray to Yahweh, that he take away the serpents from us. Moses prayed for the people.
Young's Literal Translation (YLT) and the people come in unto Moses and say, `We have sinned, for we have spoken against Jehovah, and against thee; pray unto Jehovah, and He doth turn aside from us the serpent;' and Moses prayeth in behalf of the people.
Cross Reference Genesis 20:7 in Assamese 7 গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া উভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।
Exodus 8:8 in Assamese 8 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোক সকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
Exodus 8:28 in Assamese 28 তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই আপোনালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু আপোনালোকে বহুত দূৰলৈ নাযাবা। আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰক।”
Exodus 9:27 in Assamese 27 তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ন, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ন।
Exodus 32:11 in Assamese 11 কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Exodus 32:30 in Assamese 30 তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহা পাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰো তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
Numbers 11:2 in Assamese 2 এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।
Numbers 14:17 in Assamese 17 এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানসকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
Deuteronomy 9:20 in Assamese 20 ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰুণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
Deuteronomy 9:26 in Assamese 26 মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
1 Samuel 12:19 in Assamese 19 তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰনে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
1 Samuel 15:24 in Assamese 24 তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলো; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
1 Samuel 15:30 in Assamese 30 তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
1 Kings 13:6 in Assamese 6 তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
Job 42:8 in Assamese 8 এই হেতুকে তোমালোকে সাতোটা ভঁতৰা, আৰু সাতোঁটা মতা মেষ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
Job 42:10 in Assamese 10 যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
Psalm 78:34 in Assamese 34 তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
Psalm 106:23 in Assamese 23 সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Jeremiah 15:1 in Assamese 1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
Jeremiah 37:3 in Assamese 3 গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
Hosea 5:15 in Assamese 15 মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”
Matthew 27:4 in Assamese 4 আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, “তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা।”
Acts 8:24 in Assamese 24 তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”
Romans 10:1 in Assamese 1 হে ভাইসকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্ৰাণ পায়।
James 5:16 in Assamese 16 এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।