Numbers 14:9 in Assamese 9 কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
Other Translations King James Version (KJV) Only rebel not ye against the LORD, neither fear ye the people of the land; for they are bread for us: their defense is departed from them, and the LORD is with us: fear them not.
American Standard Version (ASV) Only rebel not against Jehovah, neither fear ye the people of the land; for they are bread for us: their defence is removed from over them, and Jehovah is with us: fear them not.
Bible in Basic English (BBE) Only, do not go against the Lord or go in fear of the people of the land, for they will be our food; their strength has been taken from them and the Lord is with us: have no fear of them.
Darby English Bible (DBY) only rebel not against Jehovah; and fear not the people of the land; for they shall be our food. Their defence is departed from them, and Jehovah is with us: fear them not.
Webster's Bible (WBT) Only rebel not ye against the LORD, neither fear ye the people of the land; for they are bread for us: their defense has departed from them, and the LORD is with us: fear them not.
World English Bible (WEB) Only don't rebel against Yahweh, neither fear the people of the land; for they are bread for us: their defense is removed from over them, and Yahweh is with us: don't fear them.
Young's Literal Translation (YLT) only, against Jehovah rebel not ye: and ye, fear not ye the people of the land, for our bread they `are'; their defence hath turned aside from off them, and Jehovah `is' with us; fear them not.'
Cross Reference Genesis 48:21 in Assamese 21 পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
Exodus 33:16 in Assamese 16 নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপোনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
Numbers 24:8 in Assamese 8 ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
Deuteronomy 1:21 in Assamese 21 চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
Deuteronomy 1:26 in Assamese 26 কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচাৰণ কৰিছিল।
Deuteronomy 7:18 in Assamese 18 কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব।
Deuteronomy 7:21 in Assamese 21 আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে।
Deuteronomy 9:7 in Assamese 7 আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
Deuteronomy 9:23 in Assamese 23 তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।
Deuteronomy 20:1 in Assamese 1 যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।
Deuteronomy 31:6 in Assamese 6 আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
Deuteronomy 31:8 in Assamese 8 যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
Deuteronomy 32:42 in Assamese 42 হত হোৱা লোক আৰু বন্দী সকলৰ তেজেৰে সৈতে মোৰ কাড়ঁবোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।”
Joshua 1:5 in Assamese 5 তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
Judges 1:22 in Assamese 22 যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
2 Chronicles 13:12 in Assamese 12 আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তানসকল, তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
2 Chronicles 15:2 in Assamese 2 তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
2 Chronicles 20:17 in Assamese 17 এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”
2 Chronicles 32:8 in Assamese 8 তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
Psalm 14:4 in Assamese 4 যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূণ্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 46:7 in Assamese 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 46:11 in Assamese 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Psalm 74:14 in Assamese 14 তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ নিবাসীসকলৰ আহাৰৰ বাবে দিছিলা।
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Psalm 121:5 in Assamese 5 যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Isaiah 8:9 in Assamese 9 হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা।
Isaiah 30:2 in Assamese 2 তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিচৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰৌণৰ পৰা সুৰক্ষা বিছাৰিছে আৰু মিচৰৰ ছাঁত আশ্রয় লৈছে।
Isaiah 32:2 in Assamese 2 খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব,
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Isaiah 63:10 in Assamese 10 কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Jeremiah 48:45 in Assamese 45 পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
Daniel 9:5 in Assamese 5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
Daniel 9:9 in Assamese 9 আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
Matthew 1:23 in Assamese 23 “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব; এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।”
Romans 8:31 in Assamese 31 তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
Philippians 1:27 in Assamese 27 মই যেতিয়া আপোনালোকক চাবলৈ যাম, নাইবা চাবলৈ নাযাম, তথাপি আপোনালোকে যেন এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, এনে বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, আৰু ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক।