Micah 1:2 in Assamese 2 হে লোকসকল, সকলোৱে শুনক। হে পৃথিবী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
Other Translations King James Version (KJV) Hear, all ye people; hearken, O earth, and all that therein is: and let the Lord GOD be witness against you, the LORD from his holy temple.
American Standard Version (ASV) Hear, ye peoples, all of you: hearken, O earth, and all that therein is: and let the Lord Jehovah be witness against you, the Lord from his holy temple.
Bible in Basic English (BBE) Give ear, you peoples, all of you; give attention, O earth and everything in it: let the Lord God be witness against you, the Lord from his holy Temple.
Darby English Bible (DBY) Hear, ye peoples, all of you; hearken, O earth, and all that is therein: and let the Lord Jehovah be witness against you, the Lord from his holy temple!
World English Bible (WEB) Hear, you peoples, all of you. Listen, O earth, and all that is therein: And let the Lord Yahweh be witness against you, The Lord from his holy temple.
Young's Literal Translation (YLT) Hear, O peoples, all of them! Attend, O earth, and its fulness, And the Lord Jehovah is against you for a witness, The Lord from His holy temple.
Cross Reference Deuteronomy 32:1 in Assamese 1 হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিবী, মোৰ মুখৰ কথা শুনা।
Psalm 11:4 in Assamese 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মনুহক পৰীক্ষা কৰে।
Psalm 24:1 in Assamese 1 পৃথিবী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
Psalm 28:2 in Assamese 2 সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা।
Psalm 49:1 in Assamese 1 হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
Psalm 50:1 in Assamese 1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Psalm 50:7 in Assamese 7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
Psalm 50:12 in Assamese 12 “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
Isaiah 1:2 in Assamese 2 হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
Jeremiah 6:19 in Assamese 19 শুনা, হে পৃথিৱী! চোৱা, মই এই জাতিৰ ওপৰত অমঙ্গল ঘটাম, তেওঁলোকৰ কল্পনাবোৰৰ ফল দিম। কিয়নো তেওঁলোকে মোৰ বাক্যলৈ কাণ দিয়া নাই, আৰু মোৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।
Jeremiah 22:29 in Assamese 29 হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা। যিহোৱাই এইদৰে কৈছে, “তোমালোকে এই মানুহ সন্তানহীন বুলি, ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা।
Jeremiah 29:23 in Assamese 23 কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
Jonah 2:7 in Assamese 7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল, মই যিহোৱাক সোঁৱৰণ কৰিলো আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।
Micah 6:1 in Assamese 1 যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
Habakkuk 2:20 in Assamese 20 কিন্তু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰত আছে; সমূদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।
Malachi 2:14 in Assamese 14 তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Mark 7:14 in Assamese 14 পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনিলে, আৰু ক’লে, “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।
Revelation 2:7 in Assamese 7 যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে, সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।
Revelation 2:11 in Assamese 11 যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব’।
Revelation 2:17 in Assamese 17 যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই কিছুমান গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে’।”
Revelation 2:29 in Assamese 29 মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক’।”
Revelation 3:6 in Assamese 6 যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা’।”
Revelation 3:13 in Assamese 13 যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
Revelation 3:22 in Assamese 22 যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।