John 18:28 in Assamese 28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰপৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
Other Translations King James Version (KJV) Then led they Jesus from Caiaphas unto the hall of judgment: and it was early; and they themselves went not into the judgment hall, lest they should be defiled; but that they might eat the passover.
American Standard Version (ASV) They lead Jesus therefore from Caiaphas into the Praetorium: and it was early; and they themselves entered not into the Praetorium, that they might not be defiled, but might eat the passover.
Bible in Basic English (BBE) So they took Jesus from the house of Caiaphas to the Praetorium. It was early. They themselves did not go into the Praetorium, so that they might not become unclean, but might take the Passover.
Darby English Bible (DBY) They lead therefore Jesus from Caiaphas to the praetorium; and it was early morn. And *they* entered not into the praetorium, that they might not be defiled, but eat the passover.
World English Bible (WEB) They led Jesus therefore from Caiaphas into the Praetorium. It was early, and they themselves didn't enter into the Praetorium, that they might not be defiled, but might eat the Passover.
Young's Literal Translation (YLT) They led, therefore, Jesus from Caiaphas to the praetorium, and it was early, and they themselves did not enter into the praetorium, that they might not be defiled, but that they might eat the passover;
Cross Reference Deuteronomy 16:2 in Assamese 2 ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ভেড়া, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
2 Chronicles 30:21 in Assamese 21 এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তানসকলে সাত দিনলৈকে মহা আনন্দেৰে খমিৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
2 Chronicles 35:8 in Assamese 8 আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাড় দিলে।
2 Chronicles 35:17 in Assamese 17 এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তানসকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমিৰ নোহোৱা পিঠাৰ উৎসৱ পালন কৰিলে।
Psalm 35:16 in Assamese 16 তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
Proverbs 1:16 in Assamese 16 তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
Proverbs 4:16 in Assamese 16 কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
Isaiah 1:10 in Assamese 10 হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
Jeremiah 7:8 in Assamese 8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Ezekiel 45:21 in Assamese 21 প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
Amos 5:21 in Assamese 21 মই তোমালোকৰ পর্ববোৰ ঘিণ কৰো, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম্মসভাবোৰত আনন্দ নকৰো।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:10 in Assamese 10 তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;
Matthew 23:23 in Assamese 23 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
Matthew 27:1 in Assamese 1 পাছত ৰাতিপুৱা সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;
Matthew 27:27 in Assamese 27 তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিট’ৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;
Mark 15:1 in Assamese 1 পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
Mark 15:16 in Assamese 16 তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিট’ৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
Luke 22:66 in Assamese 66 পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
Luke 23:1 in Assamese 1 ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷
John 11:55 in Assamese 55 ইহুদী সকলৰ নিস্তাৰপৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু বহুলোকে দেশৰ পৰা পর্বৰ আগেয়ে নিজক শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।
John 18:33 in Assamese 33 এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
John 18:39 in Assamese 39 তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰপৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
John 19:9 in Assamese 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
John 19:14 in Assamese 14 তেতিয়া নিস্তাৰপৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা!”
Acts 3:13 in Assamese 13 যি জন যীচুক আপোনালোকে সিদ্ধান্ত কৰি শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
Acts 10:28 in Assamese 28 তেওঁলোকক ক’লে, “বিধানবিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে ইহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷
Acts 11:3 in Assamese 3 তেওঁলোকে ক’লে, “তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!”