Jeremiah 23:39 in Assamese 39 আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
Other Translations King James Version (KJV) Therefore, behold, I, even I, will utterly forget you, and I will forsake you, and the city that I gave you and your fathers, and cast you out of my presence:
American Standard Version (ASV) therefore, behold, I will utterly forget you, and I will cast you off, and the city that I gave unto you and to your fathers, away from my presence:
Bible in Basic English (BBE) For this reason, truly, I will put you completely out of my memory, and I will put you, and the town which I gave to you and to your fathers, away from before my face:
Darby English Bible (DBY) therefore behold, I will utterly forget you, and I will cast you off, far from my face, and the city that I gave to you and to your fathers.
World English Bible (WEB) therefore, behold, I will utterly forget you, and I will cast you off, and the city that I gave to you and to your fathers, away from my presence:
Young's Literal Translation (YLT) Therefore, lo, I -- I have taken you utterly away, And I have sent you out, And the city that I gave to you, And to your fathers, from before My face,
Cross Reference Genesis 6:17 in Assamese 17 আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্য হ’ব।
Leviticus 26:28 in Assamese 28 তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালাকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।
Deuteronomy 32:39 in Assamese 39 এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; ময়ে মাৰো, আৰু ময়েই জীয়াওঁ; ময়ে ঘাঁ লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Psalm 51:11 in Assamese 11 তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা ।
Proverbs 13:13 in Assamese 13 যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
Isaiah 48:15 in Assamese 15 মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।
Isaiah 51:12 in Assamese 12 মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
Jeremiah 7:15 in Assamese 15 আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
Jeremiah 23:33 in Assamese 33 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
Jeremiah 32:28 in Assamese 28 এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদৰেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
Jeremiah 35:17 in Assamese 17 এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
Jeremiah 36:31 in Assamese 31 আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
Jeremiah 52:3 in Assamese 3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁবিলাকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Lamentations 5:20 in Assamese 20 তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
Ezekiel 5:8 in Assamese 8 এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
Ezekiel 6:3 in Assamese 3 আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
Ezekiel 8:18 in Assamese 18 এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
Ezekiel 9:6 in Assamese 6 বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰস্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
Ezekiel 34:11 in Assamese 11 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
Ezekiel 34:20 in Assamese 20 এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ ভেড়াবোৰৰ মাজত বিচাৰ কৰিম,
Hosea 4:6 in Assamese 6 জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলো। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তানসকলক পাহৰি যাম।
Hosea 5:14 in Assamese 14 মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আতঁৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Hosea 9:12 in Assamese 12 যদিওবা কোনোৱে সন্তানসকলক ডাঙৰ-দীঘল কৰে, সেই সন্তানসকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।
Matthew 25:41 in Assamese 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক’ব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
2 Thessalonians 1:9 in Assamese 9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, বিনাশৰ অৰ্থে অনন্ত দণ্ড ভোগ কৰিব।