Hosea 3:4 in Assamese 4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Other Translations King James Version (KJV) For the children of Israel shall abide many days without a king, and without a prince, and without a sacrifice, and without an image, and without an ephod, and without teraphim:
American Standard Version (ASV) For the children of Israel shall abide many days without king, and without prince, and without sacrifice, and without pillar, and without ephod or teraphim:
Bible in Basic English (BBE) For the children of Israel will for a long time be without king and without ruler, without offerings and without pillars, and without ephod or images.
Darby English Bible (DBY) For the children of Israel shall abide many days without king, and without prince, and without sacrifice, and without statue, and without ephod and teraphim.
World English Bible (WEB) For the children of Israel shall abide many days without king, and without prince, and without sacrifice, and without sacred stone, and without ephod or idols.
Young's Literal Translation (YLT) For many days remain do the sons of Israel without a king, and there is no prince, and there is no sacrifice, and there is no standing pillar, and there is no ephod and teraphim.
Cross Reference Genesis 31:19 in Assamese 19 সেই সময়ত লাবনে তেওঁৰ ভেড়াবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।
Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Exodus 28:4 in Assamese 4 তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালী। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্র কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
Leviticus 8:7 in Assamese 7 তেওঁ হাৰোণক অঙ্গ-ৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।
Judges 8:27 in Assamese 27 তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্ৰাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
Judges 17:5 in Assamese 5 মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।
Judges 18:17 in Assamese 17 তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পদুলি মুখত থিয় হৈ আছিল।
1 Samuel 2:18 in Assamese 18 সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;
1 Samuel 14:3 in Assamese 3 তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চিলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
1 Samuel 21:9 in Assamese 9 পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই ফিলিষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”
1 Samuel 22:18 in Assamese 18 তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।
1 Samuel 23:6 in Assamese 6 অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।
1 Samuel 23:9 in Assamese 9 দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
1 Samuel 30:7 in Assamese 7 পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
2 Samuel 6:14 in Assamese 14 আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
2 Kings 23:24 in Assamese 24 ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
2 Chronicles 15:2 in Assamese 2 তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
Isaiah 19:19 in Assamese 19 সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
Jeremiah 15:4 in Assamese 4 আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্য্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
Ezekiel 20:32 in Assamese 32 আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’
Ezekiel 21:21 in Assamese 21 কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ দেৱতাসকলক সুধিব আৰু মেৰৰ আগমঙহ চাব।
Daniel 8:11 in Assamese 11 সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
Daniel 9:27 in Assamese 27 এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।
Daniel 11:31 in Assamese 31 তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
Daniel 12:11 in Assamese 11 যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।
Hosea 2:11 in Assamese 11 মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম ।
Hosea 10:1 in Assamese 1 ইস্ৰায়েল এক লহপহীয়া দ্রাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
Hosea 13:11 in Assamese 11 সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।
Micah 5:11 in Assamese 11 মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
Zechariah 13:2 in Assamese 2 বহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
Matthew 24:1 in Assamese 1 যীচু ধৰ্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।
Luke 21:24 in Assamese 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
John 19:15 in Assamese 15 তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্ৰুচত দিয়ক।” পীলাতে তেওঁলোকক ক’লে, “তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে?” প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
Acts 6:13 in Assamese 13 তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে নিন্দাজনক কথা ক’বলৈ নেৰে।
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;