Hosea 3 in Assamese

1 পাছত যিহোৱাই মোক ক’লে, “ যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাসকলৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ যোৱা আৰু তাইক প্রেম কৰা।”

2 সেয়ে মই পোন্ধৰ চেকল ৰূপ আৰু ডেৰ হোম যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ ।

3 তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”

4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।

5 তাৰপাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।